
গুৱাহাটী মহানগৰীৰ মাজ-মজিয়াত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷ মহানগৰীৰ আঁঠগাও কৱৰস্থানৰ সমীপত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হোৱাত ৰাইজ শংকিত হৈ পৰে৷ কলা ধোৱাই অঞ্চলটো আৱৰি ধৰাত ৰাইজ শংকিত হৈ পৰে৷ জানিব পৰা মতে, আঁঠগাৱৰ এচি প্ৰকাণ্ড প্লাষ্টিকৰ সামগ্ৰী মজুত কৰি ৰখা গুদামত পুৱাৰ ভাগত ধোৱা ওলাই থকা প্ৰত্যক্ষ কৰে৷
একাংশ লোকে গুদামটোৰ ভিতৰত জুই লগা বুলি থিৰাং কৰে৷ লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৰাইজে৷ কিছু সময় পিছত তিনি খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহে যদিও জুই লাগি থকা গুদামৰ ওচৰলৈ যাবলৈ সক্ষম নহয়৷
কিয়নো গুদামৰ ওচৰলৈ যাব পৰাকৈ নাই আহল-বহল পথ৷ যাৰ ফলত অগ্নিকাণ্ডই ভয়াবহ ৰূপ ধাৰণ কৰে৷ গুদাম ঘৰটোৰ সকলো সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহ কৰা হৈছে৷ আনহাতে অগ্নিকাণ্ড বিয়পি পৰাৰ আশংকাত শংকিত হৈ পৰিছে ৰাইজ৷ জানিব পৰা মতে, আঁঠগাও কৱৰস্থানৰ ওচৰে-পাজৰে বহু প্লাষ্টিকৰ সামগ্ৰী মজুত কৰি ৰখা গুডাম আছে৷