চামগুৰিঃ ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত প্ৰায় ত্ৰিশখনৰো অধিক গাঁও বানপানীৰ কবলত পৰিছে৷ আহাৰ মহীয়া এই বানপানীৰ তাণ্ডৱলীলাত ৰাইজৰ লগতে পশুধনৰো আলৈ-আথানিৰ সৃষ্টি হৈছে৷ 

চামগুৰি সমষ্টিৰ বিভিন্ন গ্ৰামাঞ্চলৰ মাজেৰে বৈ যোৱা কলং, ডিজু নৈ আৰু ননৈ নৈৰ জলপৃষ্ঠ বাঢ়ি প্লাৱিত কৰিছে খেতিপথাৰ আৰু বাসস্থান৷ বাঢ়নী পানীয়ে গ্ৰামাঞ্চল সমূহ প্লাৱিত কৰি তোলাত বানাক্ৰান্ত ৰাইজ শংকিত হৈ পৰিছে৷ 

ফেনে-ফোটোকাৰে বঢ়া বানপানীত চামগুৰিৰ গ্ৰামাঞ্চলৰ বহু হাজাৰ বিঘা কৃষিভূমি সম্পূৰ্ণ ৰূপে ডুব যোৱাৰ লগতে বাসস্থানৰ ক্ষতিসাধন হৈছে৷ বানপানীয়ে পামগাঁও, উদমাৰী, ১ নং ভৰাগুৰি, ২ নং ভৰাগুৰি, ব'ৰদল, পদুমনি, ডিলকাবস্তী, খনাজান, আমলখি, আমনি ৰঙামাটি, কঁঠালগুৰি, মুঢ়ানী, কুৰুৱাজান, ম'হপৰা, হাতীৰগাঁও, ৰামটিলাআটি, জলাহগাঁও আদিৰ লগতে প্ৰায় ত্ৰিশখনৰো অধিক গাঁৱত বিস্তৰ ক্ষতিসাধন কৰাত কৃষিজীৱী গঞা ৰাইজ চিন্তিত হৈ পৰিছে৷ 

বহু পোহনীয়া জীৱ-জন্তৰ বানপানী মৃত্যু হোৱাৰ লগতে বহু পশুধন বানপানীত উটি গৈছে আৰু বহু পশুধন বিভিন্ন ৰোগত আক্ৰান্ত হৈছে৷ বানাক্ৰান্ত গঞা ৰাইজে গ্ৰামাঞ্চলৰ পথৰ ওপৰতে পোহনীয়া জীৱ-জন্ত বান্ধি উজাগৰী নিশা কটাবলগীয়া হৈছে৷ 

আনহাতে, চামগুৰি সমষ্টিৰ লাওখোৱা মৌজাৰ অন্তৰ্গত ১ নং ভূৰবন্ধা, ২ নং ভূৰবন্ধা, ভগামূৰকে ধৰি বিভিন্ন অঞ্চল সমূহত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত বহুলোকে ঘৰবাৰী,পশুধন এৰি আশ্ৰয় গ্ৰহন কৰিছে নিৰাপদ স্থানত৷ উক্ত অঞ্চলত জিলা প্ৰশাসনে চাৰিটা আশ্ৰয় শিবিৰ স্থাপন কৰিছে যদিও বহু বানাক্ৰান্তই বৰ্তমান মথাউৰি আদিতে আশ্ৰয় ল'ব লগা হৈছে৷ 

নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি থকাত চামগুৰিৰ নৈ-পৰীয়া ন ন অঞ্চল বাঢ়নী পানীত বুৰ যোৱাৰ লগতে মথাউৰিৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে৷ বানত ৰাইজ ককবকাই থকা স্বত্তেও বানাক্ৰান্ত গ্ৰামাঞ্চলত আজি পৰ্যন্ত চৰকাৰী সাহাৰ্য্য নোপোৱাৰ অভিযোগ কৰিছে বানাক্ৰান্ত ৰাইজে৷