30
Jun
2017

গোগামুখঃ জীয়াধল নৈ ফেনে ফোটোকাৰে বাঢ়ি অহাত ধেমাজি জিলাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ চমৰাজানৰ কুমটিয়া দলঙৰ অংশটো যিকোনো মুহূৰ্ততে ছিঙি যোগাযোগ ব্যাহত হ’ব পাৰে৷
ৰেলপথ আৰু ৰাষ্ট্ৰয় ঘাইপথৰ মাজত থকা গাইড বান্ধৰ ওপৰেৰে পানী বাগৰাৰ ফলতে যিকোনো মুহূৰ্ততে যোগাযোগ বিচ্ছিন্ন হোৱাৰ আশংকা কৰিছে ৰাইজে৷ ধেমাজি জিলাৰ ১৫ নং ৰাষ্ট্ৰ ঘাইপথৰ চমৰাজানৰ কুমটিয়া দলঙৰ অংশটো অধিক ভয়াৱহ হৈ পৰাত একপ্ৰকাৰ আতংকিত হৈ পৰিছে ৰাইজ।
নেৰানেপেৰা বৰষুণৰ ফলত কুমটিয়া বা চমৰাজানৰ জলস্তৰ বৃদ্ধি পোৱাত বৰদলনি উন্নয়ন খণ্ডৰ বহু গাঁৱৰ বিস্তৰ ক্ষতি হোৱাৰ আশংকাই দেখা দিছে। ৰাইজে আতংকত দিন পাৰ কৰিছে যদিও জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷