ডিব্ৰুগড়ঃ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোক বানৰ কবলত পৰি হাহাকাৰ কৰি আহিছে যদিও ৰাজ্য চৰকাৰে সাহায্য দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ দল-সংগঠনে পৰ্যাপ্ত সাহায্য দিয়াৰ দাবীত আন্দোলন কৰিব লগা হৈছে৷ তাৰ মাজতে একাংশ দল-সংগঠন বানাক্ৰান্ত সহায় কৰিবলৈ ওলাই আহিল৷

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ৰাজহ চত্রুৰ অন্তৰ্গত বৃহওৰ ৰহমৰীয়া অঞ্চলৰ ৰাইজক বান সাহায্য প্ৰদান কৰে মটক যুৱ-ছাত্র সন্মিলনে৷ মটক যুৱ-ছাত্র সন্মিলনৰ সহকাৰী সাধাৰণ সম্পাদক দেৱঋষী চেতিয়াৰ নেতৃত্বত সংগঠনটোৰ চাবুৱা, জেৰাই, ৰহমৰীয়া, অাঞ্চলিক সমিতিৰ সহযোগত বানাক্ৰান্তই থিতাপি লৈ থকা কেইবাটাও শিবিৰত সামগ্ৰী বিতৰণ কৰে৷

ৰাজ্য চৰকাৰে বানাক্ৰান্তক উপযুক্ত ক্ষতিপূৰণ অাৰু পুনৰ সংস্থাপন নিদিলে গনতান্ত্রিক অান্দোলন কৰাৰো ভাবুকি দিয়ে দেৱঋষি চেতিয়াই৷ অানহাতে মটক যুৱ-ছাত্র সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈৰ নেতৃত্বত অাৰু সংগঠনটোৰ ৰহমৰীয়া, ডিকম আঞ্চলিক সমিতিৰ সহযোগত ৯ টাকৈ আশ্ৰয় শিবিৰত খাদ্য-সামগ্ৰী বিতৰণ কৰে ৷

সংগঠনটোৱে দুশ বেগ চাউল, দাইল, আলু আদি বিতৰণ কৰে। লগতে কৃষক সকলক উপযুক্ত ক্ষতিপূৰণ  দিবলৈ দাবী তোলে কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈয়ে ৷ জনস্বাস্থ্যৰ যাতে কোনো অৱনতি নঘটে তাৰবাবে চৰকাৰক স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিবলৈ অাহৱান জনায় সংগঠনটোৰ ৰহমৰীয়া অাঞ্চলিক সমিতিৰ সভাপতি দেবু কোঁৱৰে৷

বিভাগীয় কতৃপক্ষই বানত বিধবস্ত হোৱা ৰাস্তা-ঘাটসমূহ পৰিদৰ্শন কৰি মেৰামতি কৰিবলৈ দাবী তোলাৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে ৰহমৰীয়াৰ বান পৰিস্থিতিৰ বুজ নোলোৱাত ক্ষোভ ব্যক্ত কৰে ৰহমৰীয়া আঞ্চলিক সমিতিৰ সভাপতি দেবু কোঁৱৰে৷ আনহাতে ৰহমৰীয়াত আজি উত্তৰণ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ দ্বাৰা ৯টা আশ্রয় শিবিৰত চাফাই অভিযান আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে৷