
ডিব্ৰুগড়ঃ বিগত কেবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈছে ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চল। বিশেষকৈ জিলাখনৰ চাবুৱা, মৰাণ আদি ৰাজহ চক্ৰ এলেকাৰ শতাধিকৰো অধিক গাঁও এতিয়া বানৰ কৱলত।
ডিব্ৰুগড় পূৱ ৰাজহ চক্ৰৰ অন্তৰ্গত কেৱল লেজাই-কলাখোৱা অঞ্চলতে প্ৰায় ২৫ খনৰো অধিক গাঁও বানে প্লাৱিত কৰিছে। এই অঞ্চলৰ বানাক্ৰান্ত লোকসকলে নিৰাপত্তা স্থানত কালি নিশাৰে পৰা আশ্ৰয় গ্ৰহণ কৰি আছে।
আনহাতে চাবুৱা ৰাজহ চক্ৰ এলেকাৰ দধীয়া, টেঙাবাড়ী, মিৰিগাঁও, গেৰেকি,গেৰেকি, ৰংমলা, ৰহমৰীয়া আদিকে ধৰি কেইবাখনো নদীপৰীয়া গাঁও বানত বুৰ গৈছে। ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওফন্দি উঠা বানে বানাক্ৰান্ত এলেকাৰ শ শ বিঘা কৃষিভূমি বানে ক্ষতিগ্ৰস্ত কৰি পেলাইছে।
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি এই মুহূৰ্তলৈকে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ জলস্তৰ ১০৫.৮৪ মিটাৰ বৃদ্ধি পাইছে। সমান্তৰালকৈ ইয়াৰ উপনৈসমূহতো বৃদ্ধি পাইছে জলস্তৰ। ইপিনে এই বানৰ ফলত সাময়িকভাৱে বাতিল কৰি দিয়া হৈছে ফেৰী সেৱা। ডিব্ৰুগড় জিলা প্ৰশাসনে এক নিৰ্দেশনাযোগে এই কথা জানিবলৈ দিছে।