
লাহৰীঘাটঃ মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ কাঠনিত যোৱা নিশা প্ৰায় ১১ বজাত ব্ৰহ্মপুত্ৰৰ পাৰত নতুনকৈ নিৰ্মাণ কৰা ১৪ কোটিটকীয়া মথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে।
ফলত নিমিষতে গৃহহাৰা হৈ পৰে শ শ লোক। গৃহহাৰা হৈ পৰা লোকসকলে সন্তান আৰু পশুধনসহ কোনোমতে নিজক বচাই চৰকাৰী পথত আশ্ৰয় ল'বলৈ বাধ্য হৈ পৰে।
প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ লগতে জলসম্পদ বিভাগৰ ঠিকাদাৰ প্ৰেমৰ বাবেই ১৪ কোটিটকীয়া মথাউৰি ছিঙিবলৈ পালে বুলি সৰ্বত্ৰে অভিযোগ উত্থাপিত হৈছে।
উল্লেখ্য যে, কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাহৰীঘাটৰ নতুনকৈ নিৰ্মাণ কৰা জৰাজীৰ্ণ এই মথাউৰি পৰিদৰ্শন কৰি প্ৰশাসনক উচিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল।
কিন্তু ঠিকাদাৰ প্ৰেমী মৰিগাঁও জিলা জলসম্পদ বিভাগটোৱে মুখ্যমন্ত্ৰীৰ আদেশকো বৃদ্ধাংগুষ্ঠ দেখুওৱাত এইদৰে মথাউৰি ভাগি বিস্তীৰ্ণ অঞ্চলটোত মাজনিশা হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰে।