
সৰভোগঃ ৰাজ্যৰ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানে ৰাজ্যৰ বানপীড়িতক সহায় কৰাৰ বাবে ওলাই আহে৷ পথচাৰী, ব্যৱসায়ী, চাকৰিয়াল আদিৰ পৰা অৰ্থ সংগ্ৰহ কৰি বান বিধ্বস্ত অঞ্চলৰ লোকক ৰাজ্যৰ দল-সংগঠনে সহায় সহযোগ কৰিছে৷ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সৰভোগ আঞ্চলিক সমিতিয়ে সৰভোগ নগৰত আজি বান সাহায্য পুজি সংগ্ৰহ অভিযান চলায়৷
সৰভোগ অঞ্চলৰ একাংশ লোকে সৰভোগ চহৰত এই পুজি সংগ্ৰহ কৰিছে৷ সংগ্ৰহ হোৱা সমুদায় ধন বানত বিধ্বস্ত অঞ্চলৰ ৰাইজক প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিছে দলটোৰ নেতৃত্বই।
দলটোৰ নেতা সুব্ৰত বৰ্মন, হৰেন দাস, পদুমী দাস, স্বৰ্ণ পাটগিৰী, মনো ভূঞা, দুৰ্গে ডেকা, এছ এফ আইৰ প্ৰাক্তন বৰপেটা জিলাৰ সম্পাদক চলমান আলি, এছ এফ আইৰ বৰনগৰ আঞ্চলিক সমিতিৰ সম্পাদক হৰ্ষজিৎ দাস, নিৰ্মান শ্ৰমিকৰ নেতা প্ৰৱাল দাস, মহিলা নেত্ৰী সত্যৱতী ভূঞাই চহৰ খনৰ বিভিন্ন ঠাইত বান পীড়িতৰ বাবে পুঁজি সংগ্ৰহ অব্যাহত ৰাখিছে৷