মোৰাঝাৰঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ যমুনা গ্ৰুপে বানপীড়িত লোকৰ মাজত সাহায্য বিতৰণ কৰে। মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ১২০টা পৰিয়ালৰ মাজত বিতৰণ কৰে ভিন্ন সামগ্ৰী৷

বান তথা খহনীয়াত ঘৰ-বাৰি উটুৱাই নিয়া লোকসকলক কাৰ্বি পাহাৰৰ সামাজিক অনুষ্ঠানটোৱে সহায় আগবঢ়ায়। বানাক্ৰান্ত সকলক চাউল, ডাইল, কাপোৰ, বিস্কুট আদি প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে সামাজিক অনুষ্ঠানটোৱে।

সামাজিক অনুষ্ঠানটোৰ সভাপতি, সম্পাদককে ধৰি সাংবাদিক ছাদিকুজ জামান উপস্থিত থাকি সাহায্য সামগ্ৰী সমূহ বিকতৰণ কৰে৷