বাঘবৰঃ ৰাজ্যত বানৰ কবলত পৰি হাহাকাৰ কৰি থকা হাজাৰ হাজাৰ লোকক পৰ্যাপ্ত সাহায্য দিয়াত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ বিপৰীতে দল-সংগঠন তথা স্বেচ্ছাসেৱী অনুষ্ঠানে সহায়ৰ বাবে ওলাই আহে বানাক্ৰান্তক৷

আজি ৰিপাবলিকান পাৰ্টি অফ ইণ্ডিয়াৰ ৰাজ্যিক সংখ্যালঘু কোষে বৰপেটা জিলাৰ বাঘবৰত বান সাহায্য বিতৰণ কৰে। ডঃ ভি আৰ আম্বেদকাৰে গঠন কৰা ৰিপাবলিকান পাৰ্টি অফ ইণ্ডিয়াৰ ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ৰেজাউল কৰিমৰ নেতৃত্বত এটি দলে মৰাভাজ, ধৰ্মপুৰ-ভাতনা পাইতি পঞ্চায়তত চিৰা, চেনী, বিস্কুট আৰু বিশুদ্ধ খোৱা পানী বিতৰণ কৰে বানাক্ৰান্তৰ মাজত।

ব্ৰহ্মপুত্ৰ আৰু বেঁকী নৈৰ বাঢ়নি পানীয়ে বাট-পথ চিঙি নিয়াৰ লগতে পানীৰ মাজত শ শ লোক ককবকাই থকাৰ পিছতো স্থানীয় বিধায়ক শ্বেৰমান আলী আৰু জিলা প্ৰশাসনে পৰ্যাপ্ত সাহায্য প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে।