ধেমাজিঃ ধেমাজিৰ বানপীড়িতৰ ওচৰত পুনৰ থিয় দিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ সংগঠনটোৰ ধেমাজি জিলা সমিতিয়ে বানৰ কবলত পৰা ধেমাজি জিলাৰ লোকসকলক সহায়-সহোগ কৰি আহিছে৷

তাৰ মাজতে সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ কেইবাজনো সদস্যই আজি জিলাখনৰ কেইবাখনো গাঁৱত বান সাহায্য বিতৰন কৰে।

দলটোৱে পশ্চিম ধেমাজিৰ গুৱেখনাৰ ৬৩টা, আদশ গুৱেখনাৰ ৬৫টা, ,মিঠাৰাম চাপৰিৰ ৩৫টা আৰু পেহিয়তিৰ শতাধিক পৰিযালৰ মাজত বহী, কলম, কাগজ, কাপোৰ-কানি, পানীৰ বটল আদি বিতৰণ কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয সমিতিৰ সহকাৰী সাধাৰন সম্পাদক ৰাতুল বৰগোহাইয়ে নীপকোৰ ৰঙানদী নদীৰ বান্ধৰ ফলত ধেমাজিত শ শ লোকে বানৰ কবলত পৰা বুলি অভিযোগ উত্থাপন কৰি ৰাইজক নদী বান্ধৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনায়৷

ধেমাজি জিলা সমিতিৰ নেতা নৃপেন ভিতৰুৱাল কোৱৰ, নিৰজ্ঞন দাস, জিতু বৰগোহাইকে ধৰি বহু সংখ্যক বিষয়-ববিয়া সাহায্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকে।