
নগাঁওঃ বানৰ কবলত পৰা নগাঁও জিলাৰ বিভিন্ন ঠাই আজিও জলমগ্ন হৈ আছে৷ নগাঁও সদৰ, ধিং, কলিয়াবৰ আৰু চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৪৯ খন গাঁও বান কবলত পৰি হাহকাৰ কৰব লগা হৈছে৷
বানত জিলাখনৰ ৩৯,৫৯৮ জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে প্ৰায় ২,০০,৩৭৬ হেক্টৰ কৃষিভূমি আৰু মুঠ ১৪,৬৪৯ টা পশুধন আক্ৰান্ত হৈছে।
জিলা জলসম্পদ বিভাগৰ মতে, যোৱা ২৪ ঘন্টাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰৰে বৈ থকাৰ উপৰিও ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাত জিলাখনৰ ন’ ন’ অঞ্চল প্লাবিত হৈছে ৷
ইতিমধ্যে ৰাজ্যপাল বানৱাৰীলাল পুৰোহিত আৰু ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই নগাঁও জিলাৰ উপায়ুক্তৰ উপস্থিতিত কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে৷
আশ্ৰয় শিবিৰসমূহত থকা বন্যাৰ্তসকলৰ খাদ্য-সামগ্ৰী আৰু আন সা-সুবিধাৰ বিষয়ে ভুক্তভোগী ৰাইজৰ লগত মত বিনিময় কৰে যদিও বিশেষ সুবিধা লাভ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে ৷