অভয়াপুৰীঃ অসম মুলুকত প্ৰতিবাদ নকৰিলে একো নাপায়৷ ৰাজ্যত প্ৰতিদিনে বিভিন্ন দাবীক লৈ প্ৰতিবাদ হয় যদিও এইবাৰ প্ৰতিবাদত নামিল ভোকে-লঘোণে থকা বানাক্ৰান্ত৷  

বান সাহায্য প্ৰদানত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপিত হোৱাৰ সময়তে খাদ্য, বাসস্থান বিচাৰি অভয়াপুৰীৰ লেংটিছিঙা-মধুফল সংযোগী মথাউৰিৰ ওপৰত আজি ১০ খন গাঁৱৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নদ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বঙাইগাঁও জিলাৰ অভয়াপুৰী সমীপৱৰ্তী কুশবাৰীৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাত উপায়ন্তৰ হৈ বানাক্ৰান্ত গঞা ৰাইজে মথাউৰিৰ ওপৰত আশ্ৰয় ল'ব লগা হৈছে।

ইপিনে বিগত এসপ্তাহ ধৰি বন্যাৰ্তসকলক খাদ্য, বাসস্থান, পশুধনৰ বাবে খাদ্য, শিশু সকলৰ বাবে সুষম আহাৰ, বিশুদ্ধ পানী  আদি প্ৰসাশনে যোগান নধৰাৰ লগতে জনপ্ৰতিনিধি, প্ৰসাশনৰ কোনো বিষয়া বান পীড়িত লোকসকলৰ অৱস্থাৰ বুজ ল'বলৈ উপস্থিত নোহোৱাত মথাউৰিত আশ্ৰয় লৈ থকা লোকসকল ক্ষোভিত হৈ পৰে৷

ক্ষোভিত বানাক্ৰান্ত ৰাইজে হাতত থাল-বাচন লৈ সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷