
নলবাৰীঃ নলবাৰী জিলাৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যোগত অনুষ্ঠিত নৰোৰাম বৰ্মন সোৱঁৰণী প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাৰ সোণালী জয়ন্তীৰ চুড়ান্ত খেল আজি অনুষ্ঠিত হয়। খেলখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উদ্বোধন ভাষনত মুখ্যমন্ত্ৰীয়ে খেলে শৰীৰৰ দূৰ্বলতা কমাই বুলি কয়।
যাৰ বাবে প্ৰতিজন মানুহেই খেলা খেলিব লাগে বুলি কৈ বৰ্তমান সময়ত ৰাজ্যত অপশক্তি এচামে অৰাজক পৰিবেশ সৃষ্টিৰ বাবে চক্ৰান্ত চলাই থকা বুলি কয়। এনে সময়ত সকলো স্তৰৰ ৰাইজ ঐক্যবদ্ধ হৈ শান্তি শৃংখলা বজাই ৰখাত চৰকাৰক সহায় কৰাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দই।
ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰীৰ উপায়ুক্ত অনন্ত লাল জ্ঞানী, আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্য সহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকে মুখ্য। প্ৰতিযোগিতাৰ চুড়ান্ত খেলখনত কলকাতাৰ মহমেদান স্পোৰ্টিং ক্লাবে নৰোৰাম বৰ্মন সোঁৱৰণি চলন্ত প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে৷
চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ দ্বাৰা পৰিচালিত ৪০ সংখ্যক নৰোৰাম বৰ্মন ফুটবলৰ আজি অনুষ্ঠিত ফাইনেল খেলত মহমেদান দলে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক ২-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি ছেম্পিয়নৰ বঁটা অৰ্জন কৰে৷ খেলখনৰ প্ৰথমাৰ্ধতে মহমেদানৰ ডেভিড ফিয়ান’ই দুয়োটা গ’ল স্ক’ৰ কৰাৰ বিপৰীতে এ এছ ই বিৰ হৈ একমাত্ৰ গ’লটো দিয়ে সাগৰ লিম্বুই৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে মহমেদানৰ মোজাম্মিল খানে৷