তুলসীবাৰী/ৰঙিয়াঃ ৰঙিয়াৰ সমীপৰ খন্দিকৰত বৈৰাথী ক্লাৱৰ উদ্যোগত অনুষ্ঠিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে অনুষ্ঠিত উত্তেজনাময় মেচত সাদৰি এছ চিয়ে চামতা আঞ্চলিক ক্ৰীড়া সন্থাক ১-০ গলত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে।

খেল খন উদ্বোধন কৰে বিটিচিৰ ইএম মহেশ্বৰ বসুমতাৰীৰ লগতে ৰঙিয়া পৌৰসভাৰ পৌৰপতি দৈৱকী বড়োয়ে। খেল খন পৰিচালনা কৰে ৰেফাৰী বুদ্ধ বসুমতাৰী, দুলু তালুকদাৰ, বৈত্বচন বড়ো আৰু মুকেশ আলীয়ে। সোমবাৰে আন এখন খেলত অংশগ্ৰহণ কৰিব ওডালগুৰিৰ কুবেৰ আলী আদিবাসী আৰু দেউলকুছি বৈৰাথী ক্লাবে।