জাজৰিঃ জাজৰিৰ সমীপৱৰ্তী হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্রী সকলৰ মাজত এখন প্ৰীতি ফুটবল খেল সোমবাৰে অনুষ্ঠিত হৈ যায়৷ আগন্তুক গুণোৎসৱকো নেওচি বিদ্যালয়ৰ ক্ৰীড়া সমাৰোহৰ লগত  সংগতি ৰাখি বিদ্যালয়খনৰ শিক্ষয়ত্রী সকলৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত কৰে।

বিদ্যালয়ৰ সহ শিক্ষকদ্বয় প্ৰবীন কলিতা আৰু খগেন বৰাৰ তত্বাবধানত হোৱা খেলখন উদ্বোধন কৰে বিদ্যালয়খনৰ অধ্যক্ষ মুক্তি দাসে।