
কাজিৰঙাঃ পূজাৰ বতৰতে কেজুৱেল বনকৰ্মীৰ বাবে সুখৱৰ লৈ আহিছে বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই৷ বৃহস্পতিবাৰে নিশা বনমন্ত্ৰীগৰাকীয়ে কাজিৰঙাত উপস্থিত হৈ কেজুৱেল বনকৰ্মীৰ পদসমূহ অতি শীঘ্ৰে নিয়মীয়াকৰণ কৰা হ’ব বুলি ঘোষণা কৰে৷ তদুপৰি বানে ধোৱা কাজিৰঙাৰ চাৰিওটা ৰেঞ্জ পুনৰ ২ অক্টোবোৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব বুলিও জানিবলৈ দিয়ে বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই৷
অলপতে বনকৰ্মীৰ হতত এটা গঁড় নিহত হোৱা ঘটনাত দুখ প্ৰকাশ কৰে বনমন্ত্ৰী গৰাকীয়ে৷ অৱশ্যে বনকৰ্মীগৰাকীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিবলগীয়া হোৱাৰ বাবেই বনকৰ্মী গৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি বনমন্ত্ৰীগৰাকীয়ে জনায়।
কাজিৰঙাত উপস্থিত হৈ কাজিৰঙাৰ চাৰিওটা ৰেঞ্জ পৰিদৰ্শন কৰি বনমন্ত্ৰীগৰাকীয়ে কয় যে পূজাৰ সময়ত বন্যপ্ৰামীৰ ওপৰত চোৰাংচিকাৰীৰ নজৰ বেছি থাকে৷ যাৰ বাবে বনমন্ত্ৰীগৰাকীয়ে এই সময়ত নিৰাপত্তাৰ ওপৰত অধিক গুৰুত্ব প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে৷
আনহাতে বনকৰ্মীসকলৰ কষ্টৰ বাবেই উদ্যানৰ বিশ্বনাথ ঘাটত বৃহস্পতি বাৰে অস্ত্ৰ সহ চোৰাং চিকাৰী কৰায়ত্ত কৰিবলৈ সক্ষম হয়। বনকৰ্মীৰ এনে কষ্টৰ বাবেই চোৰাংচিকাৰীৰ সংখ্যা বহু পৰিমাণে কমিছে বুলি অৱগত কৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হোৱা বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই৷
আনফালে পূজাৰ বতৰতে বনমন্ত্ৰীয়ে কেজুৱেল বনকৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ঘোষণা কৰাৰ পাছতেই নিঃসন্দেহে এয়া বনমন্ত্ৰীগৰাকীয়ে কেজুৱেল বনকৰ্মীসকলক দিয়া শ্ৰেষ্ঠ পূজাৰ উপহাৰ হিচাপে গন্য কৰিছে কেজুৱেল বনকৰ্মীসকলে।