মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ডিগবৈত বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন অসম চৰকাৰৰ বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰক্ষ্মই ঘোষণা কৰে অসমৰ বন সংৰক্ষণ আৰু সংবৰ্ধনৰ লক্ষ্যৰে দুটা বৃহৎ প্ৰকল্প স্থাপনৰ বিষয়ে৷ স্থাপন হ’বলগীয়া বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণ প্ৰকল্প দুটাৰ এটা স্থাপন হ’ব মহকুমাটোৰ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত৷ কাৰ্য্যালয় স্থাপন হ’ব ডিগবৈৰ বাপাপুং পানবাৰীত৷

আনহাতে, আনটো প্ৰকল্প স্থাপন হ’ব মানাহত৷ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনৰ উপস্থিতিত সংবাদ মাধ্যমৰ আগত বনমন্ত্ৰী গৰাকীয়ে কৰা এই ঘোষণাক আদৰণী জনাই বৃহত্তৰ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ জৈৱ-বৈচিত্ৰ ৰক্ষাৰ ক্ষেত্ৰত এই পদক্ষেপ যথেষ্ট ফলপ্ৰসু হব বুলি মত ব্যক্ত কৰিছে বিধায়ক সুৰেণ ফুকনে৷ আনহাতে, বনমন্ত্ৰীৰ এই ঘোষণাক মহকুমাটোৰ ৰাইজৰ লগতে আসাম প্ৰেছ কৰেছপণ্ডেন্টছ্ ইউনিয়নৰ মাৰ্ঘেৰিটা মহকুমা সমিতিয়েও আদৰণী জনাইছে৷