
নগৰবেৰাঃ ‘‘এখন শিক্ষানুষ্ঠান খোলা মানে এখন কাৰাগাৰ বন্ধ কৰা৷’’- দিনযোৰা কাৰ্যসূচীৰে কামৰূপ জিলাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ত পালন কৰা ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰসংগত এনেদৰে মন্তব্য প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ বিভূতি ভূষণ পাণ্ডাই৷
আজি মহাবিদ্যালয়খনৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠানৰ আৰম্ভণি ঘটে পতাকা উত্তোলনেৰে৷ ইয়াৰ পাছতেই নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সভাপতি উদয় শংকৰ মেধিয়ে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপকসকলৰ ফটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
বিয়লি মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি লক্ষ্মীকান্ত শৰ্মাৰ সভাপতিত্বত এখন মুৰলি সভা অনুষ্ঠিত হয়৷
মুকলি সভাত "ভাৰতৰ শিক্ষা নীতিৰ উত্তৰণ আৰু অসমৰ উচ্চ শিক্ষাৰ সম্প্ৰসাৰণত ইয়াৰ প্ৰভাৱ" বিষয়ৰ ওপৰত এলানি বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ মৃগেন্দ্ৰ মোহন গোস্বামীয়ে৷ অনুষ্ঠানত মহাবিদ্যালয়খনৰ কেইবাগৰাকী শিক্ষক কৰ্মচাৰীক সম্বর্ধনা জনোৱা হয়।