
চামগুৰিঃ পুৰণিগুদামৰ সাংস্কৃতিক অনুষ্ঠান কলং কলা কেন্দ্ৰৰ সপ্তদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সোমবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হয়৷ পুৱা পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে কলং কলা কেন্দ্ৰৰ সভাপতি গকুল ছেত্ৰীয়ে৷ দিনৰ ১১ বজাত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নে৷
কলং কলা কেন্দ্ৰৰ সম্পাদক চিত্তৰঞ্জন বৰাই আঁত ধৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট গৱেষক, কলা-সমালোচক তথা শিক্ষাবিদ ড) নৰেন কলিতাইনিজৰ লাভ লোকচানলৈ গুৰুত্ব নিদি যিসকলে সমাজ তথা কলা-সংস্কৃতিৰ বাবে সেৱা আগবঢ়াই যায় তেওঁৱেই প্ৰকৃত শিল্পী বুল কয়৷
মাজুলীৰ শিল্পী বুদ্ধীন্দ্ৰ নাথ বৰপাঠকৰ প্ৰসংগ উল্লেখ কৰি কলিতাই কলং কলা কেন্দ্ৰই কেনেদৰে এই বহুমুখী প্ৰতিভাধৰ শিল্পীগৰাকীক শেষ সময়ত সাহাৰ্য্য প্ৰদান কৰিছিল সেই কথা বৰ্ণনা কৰি অনুষ্ঠানটোৱে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত যোগাই অহা অৱদানৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়৷
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা৷ গাম্ভীৰ্যপূৰ্ণ সভাখনিত ড০ সঞ্জয় দে'ই বাংলা আৰু মনুৰাম পাটৰে তিৱা ভাষাত ভাষণ প্ৰদান কৰি সকলোকে আপ্লুত কৰে৷ সমবেত সংগীত আৰু অন্যান্য গীত-মাতেৰে জীপাল হোৱা মুকলি সভাখনত গুণ শইকীয়া, ড০ আবু হানিফা, গকুল ছেত্ৰী, ড০ থুনু কলিতা, প্ৰতাপ দাস, কলিৰাম বৰা আদু উপস্থিত থাকে৷