শুক্লাইঃ ৰাজ্যত এতিয়া আধাৰশিলা স্থাপনৰ চমক আৰম্ভ হৈছে৷ উজনি-নামনি, কাৰ্বি স্বায়ত্ত পৰিষদ তথা বিটিএডিত আধাৰশিলা স্থাপনৰ চমক আৰম্ভ হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আধাৰশিলাৰ চমক অব্যাহত থকাৰ সময়তে বুধবাৰে ওদালগুৰি জিলাৰ ৰজাগড় ভিচিডিচিত এম জি এনৰেগা আঁচনিৰ ছয়টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে এম চি এল এ সুৰেশ তাঁতীয়ে৷ সুৰেশ তাঁতীয়ে আধাৰশিলা স্থাপন কৰি বিটিচি অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা বুলি কয়।

একমাত্ৰ বি পি এফ দলৰ বাবেহে সম্ভৱ হৈছে। কিয়নো বি পি এফ দল উন্নয়নত বিশ্বাসী। উন্নয়ন নিবিচৰা চকু চৰহা সকলে এটিয়া বিটিচিৰ উন্নয়ন দেখি ইৰ্ষাত থাকিব নোৱাৰা হৈছে।ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ দুৰ্গম অঞ্চল সমূহত উন্নয়নৰ পোহৰে স্পৰ্শ কৰা বুলি কয়। দুৰ্গম যাতায়ত ব্যৱস্থা, খোৱাপানী সমস্যাত দীৰ্ঘদিন ককবকাই থকা অঞ্চলবাসীয়ে এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে।

খোৱাপানীৰ বাবে কোনেও হাঁহাকাৰ কৰিবলগীয়া হোৱা নাই। ৰজাগড় ভিচিডিচিৰ উন্নয়নৰ বাবে পৰ্যাপ্ত ধনৰ আবন্টন দিয়া হৈছে বুলি উল্লেখ কৰি এম চি এল এ গৰাকীয়ে আগন্তুক তি ৰজাগড় ভিচিডিচিত কৰিবলগীয়া একো কামেই নাথাকিব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে । ভাষণত তেওঁ লগতে চৰকাৰী উন্নয়ন মূলক কাম কাজ সমূহ ৰূপায়নত ৰাইজক অংশগ্ৰহণৰ লগতে চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। চৰকাৰী আঁচনি ৰূপায়নত খেলিমেলি হলে পোনপটীয়াকৈ তেওঁক অৱগত কৰিবলৈ ৰাইজক আহ্বান জনায়। ৰজাগড় ভিচিডিচিৰ অধ্যক্ষ লক্ষী কলিতাৰ তৎপৰতাত ভিচিডিচি খনত এম জি এনৰেগা আঁচনিৰ ৪৭ লাখ টকা ব্যয়ৰে ছয়টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে। কাৰ্য্যসূচীত ননৈ চেৰফাং ব্লক বিপিএফৰ সভাপতি ৰঞ্জিত ডেকা, যুৱ মৰ্চাৰ সম্পাদক কুলেন নাথ উপস্থিত থাকে