কোকৰাঝাৰঃ এবছুৰ প্ৰতিষ্ঠাপক সভাপতি বানেশ্বৰ বসুমতাৰীয়ে শুকুৰবাৰে বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰাত সমগ্ৰ বিটিএডিত গভীৰ শোকৰ ছাঁ পৰে। বাক্সা জিলাৰ কোকিলাবাৰীস্থিত নিজ বাসগৃহত শুকুৰবাৰে পুৱা বানেশ্বৰ বসুমতাৰীয়ে ৭৩ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত মৃত্যুবৰণ কৰাৰ বাতৰি সদৰি হোৱাৰ পিছতে বসুমতাৰীৰ বাসগৃহত অজস্ৰ গুণমুগ্ধৰ সোঁত বয় আৰু শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে মৃতকক শেষ শ্ৰদ্ধা নিৱেদন কৰি এবছুৰ প্ৰতিষ্ঠাপক সভাপতি বানেশ্বৰ বসুমতাৰীৰ মৃত্যু বড়ো সমাজ আৰু সংগঠনৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য কৰে। এবছুৱে এগৰাকী প্ৰকৃত অভিভাৱকক হেৰুৱালে বুলি মন্তব্যৰে কাইলৈ বানেশ্বৰ বসুমতাৰীৰ মৃতদেহ লৈ শোভাযাত্ৰা বাহিৰ কৰা হ’ব বুলি মন্তব্য কৰিছে লৰেঞ্চ ইছলাৰীয়ে।

ইয়াৰোপৰি প্ৰতিষ্ঠাপক সভাপতিৰ মৃত্যুত শোক প্ৰকাশ কৰি এবছুৱে তিনিদিনৰ বাবে সন্থাৰ পতাকা অৰ্ধনমিত কৰি ৰাখিব বুলিও সদৰি কৰিছে লৰেঞ্চ ইছলাৰীয়ে। আনহাতে এৱছুৰ প্ৰতিষ্ঠাপক সভাপতি বানেশ্বৰ বসুমতাৰীৰ মৃত্যু বড়ো ইতিহাসৰ এটা অধ্যায়ৰ সমাপ্ত হ’ল বুলি মন্তব্য কৰিছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ইউ পি পিৰ সভাপতি উৰ্খাও গৗৰা ব্ৰহ্মই৷

বসুমতাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ব্ৰহ্মই কয় যে বড়ো জাতিৰ প্ৰতি বসুমতাৰীৰ যি অৱদান আছিল সেয়া অতুলনীয়৷ কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে বসুমতাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বসুমতাৰীৰ মৃত্যু জাতিটোৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে। আনহাতে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে বড়ো জাতিয়ে এগৰাকী জাতিৰ হকে কাম কৰা মানুহ হেৰুৱালে বুলি কৈ গভীৰ শোক প্ৰকাশ কৰে৷