বোকাজানঃ কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ সৰিয়হজানস্থিত সৰ্বশিক্ষাৰ ব্লক মিছন কাৰ্যালয় প্ৰাংগণত বৃহস্পতিবাৰে এটি স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ যায়৷

বোকাজান সৰ্বশিক্ষা মিছন কাৰ্যালয় আৰু ষ্টাৰকী' লেবৰটৰীৰ উদ্যোগত অনুষ্ঠিত খণ্ড পৰ্যায়ৰ স্বাস্থ্য পৰীক্ষা শিবিৰত বোকাজান শিক্ষা খণ্ডৰ অধীনৰ শ্ৰৱণ বাধাগ্ৰস্থ শিশুসকলৰ শ্ৰৱণ পৰীক্ষা যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰাৰ লগতে শ্ৰৱণ বাধাগ্ৰস্থ শিশুসকলক বিনামূলীয়াকৈ শ্ৰৱণ যন্ত্ৰ প্ৰদান কৰা হয়৷

শিবিৰত ষ্টাৰকী' লেবৰটৰী ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ শ্ৰৱণ বাধাগ্ৰস্থ পৰীক্ষক তথা অ'ডিঅলজিষ্ট আনন্দ সিং আৰু ৰাম কুমাৰ সিং উপস্থিত থকাৰ লগতে চিকিৎসা শিবিৰটোত বোকাজান শিক্ষাখণ্ডৰ অধীনৰ বহু শ্ৰৱণ বাধাগ্ৰস্থ শিশুৱে চিকিৎসা গ্ৰহণ কৰে৷ শিবিৰ পৰিচালনা কৰে বোকাজান সৰ্বশিক্ষা খণ্ড মিছন কাৰ্যালয়ৰ সৰ্বাত্মক শিক্ষাৰ সমল লোকসকলে৷