23
Nov
2018

জাজৰিঃ নগাঁও জিলাৰ বটদ্ৰৱা শলগুৰি সত্ৰ নিবাসী খৰ্গেশ্বৰী খাটনিয়াৰ (৯৮)ৰ যোৱা নিশা বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত বিয়োগ হয়।
মৃদুভাষী, সৰবৰহী, ধৰ্মপ্ৰাণা মহিলাগৰাকীয়ে বটদ্ৰৱা থানৰ নিত্য নৈমিত্তিক আইসকলৰ নামত নিয়মীয়াকে অংশ গ্ৰহণ কৰিছিল। আইমাতৄগৰাকীৰ মৃত্যুত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইসকলে শোক প্ৰকাশ কৰিছে।
শুকুৰবাৰে পুৱা আত্মীয়-স্বজন, গুণমুগ্ধৰ উপস্থিতিত বটদ্ৰৱাৰ আকাশী গংগাৰ তীৰত ভকতনীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত খৰ্গেশ্বৰী খাটনিয়াৰে অসম সচিবালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ভাষা বিষয়া নাৰায়ণ খাটনিয়াৰ সহ দুই পুত্ৰ, ৩ গৰাকী জীয়ৰী, বোৱাৰী, নাতি-নাতিনীসহ ইষ্ট-কুটুম্ব, আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।