গৰৈমাৰীঃ সমগ্ৰ দেশৰ লগতে দক্ষিণ কামৰূপৰ গৰৈমাৰীতো ২ অক্টোবৰত ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উদযাপন কৰে।

এই উপলক্ষে যুৱ কংগ্ৰেছীসকলে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসাধীন হৈ থকা ৰোগী সকলৰ মাজত ফল-মূল বিতৰণ কৰে।

কাৰ্যসূচীত ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰেজ্জাক, সাধাৰণ সম্পাদক কাদেৰ সৰকাৰ, প্ৰাক্তন যুৱ কংগ্ৰেছৰ সভাপতি নুৰুল ইচলাম, গৰৈমাৰী ব্লক কংগ্ৰেছৰ সভাপতি ছামচুল হককে প্ৰমুখ্য কৰি যুৱ কংগ্ৰেছৰ ভালে সংখ্যক কৰ্মী উপস্থিত থাকে।