গোৰেশ্বৰঃ ৰাজ্যৰ আন আন ঠাইত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলিছে যদিও বিটিএডিত এতিয়া বিপিএফ দলৰ নেতা-কৰ্মী ব্যস্ত হৈ পৰিছে আধাৰশিলা স্থাপনেৰে চমক সৃষ্টি কৰাত৷ বিটিএডিৰ ৪ খন জিলাত পৰিষদৰ কাৰ্যবাহী, সাধাৰণ সদস্য ব্যস্ত হৈ পৰিছে উন্নয়ণৰ কাম কৰিবলৈ৷

তাৰ মাজতে বাক্সা জিলাৰ শুক্লাই চেৰফাং সমষ্টিৰ ই এম গণেশ কছাৰীয়ে দেওবাৰে মহৰিপাৰা অঞ্চলত কেবাটাও পথ, দলং আৰু বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰি ২০০৫ চনত বিটিচি চুক্তি হোৱাৰ পূৰ্বে বিটিএডিৰ বাটপথৰ কোনো অৱস্থাই নাছিল বুলি কয়। বিটিচি চুক্তি হোৱাৰ পিছত বিপিএফ দলেহে কেৱল ইয়াৰ উন্নয়ন কৰিছে।

তাৰ পূৰ্বে কোনো এটা পকী পথ বা পকী দলং বিটিএডিত যদি বিপিএফৰ বাদে আন কোনো ৰাজনৈতিক দলৰ জৰিয়তে উন্নয়ণ হোৱা বুলি কোনোবাই মোক দেখুৱাই দিব পাৰিলে মই ৰাজনীতিয়ে নকৰো বুলি কয় গনেশে। তেও ৰাইজক উদ্দেশ্যে দিয়া ভাষণত আৰু কয় ‘বিপিএফৰ বাদে আন কোনো ৰাজনৈতিক দলে বিটিএডিত উন্নয়নমূলক কাম কৰা নাই।

ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটোত আন ৰাজনৈতিক দলৰ মন্ত্রী-বিধায়ক নতুবা সাংসদ বহুতো নিৰ্বাচিত হৈ গৈছে তথাপি তেওঁলোকে এই অঞ্চলৰ একো কামেই নকৰিলে। এই অঞ্চলৰ উন্নয়নমূলক কাম কেবল বিপিএফ দলহে কৰিছে’। বিটিএডিৰ ২৯নং শুক্লাই চেৰফাং সমষ্টিত ই এম গণেশ কচাৰীয়ে একে দিনাই ছয়টাকৈ পথ- দলংৰ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপন কৰি প্ৰতিখন সভাতে ই এম গণেশ কছৰীয়ে বিটিএডিত সকলো জাতি-সম্প্ৰদায়ৰ লোকৰ ভাষা-সংস্কৃতি বিটিএডিত সুৰক্ষিত থাকিব বুলিও মন্তব্য কৰে। সকলোৱে ঐক্য সংহতি বজাই বিটিএডিক আগুৱাই নিব বুলিও আশা প্ৰকাশ কৰে তেওঁ।

মাদলবাৰীৰ-বড়িগাঁও পথ, শুক্লাই এম ই স্কুলৰ চাৰিবেৰ-শ্ৰেণীকোঠা আৰু খেল পথাৰৰ উন্নয়ণ, নিজকুচলা-হীৰাচুবুৰী পথ, মোকলদংগা-দিকপাৰ পথ, চেঁচাপাৰ-পুখুৰীপাৰ পথ আৰু শিমিলা-বালাবাৰী গড়কাপ্তানি পথৰ পুখুৰীপাৰ গাঁৱত এখন পকীদলঙৰ আধাৰশিলা স্থাপন কৰে। সাংবাদিকৰে মুখামুখী হৈ গণেশে তেওঁ সমষ্টিৰ উন্নয়ন কৰিবলৈহে ৰাজনীতি কৰিছে।

কেবল ৰাজনীতি কৰিবলৈ তেওঁ ৰাজনীতিৰ ক্ষেত্ৰলৈ অহা নাই। উল্লেখ্য যে শুক্লাই চেৰাফাং সমষ্টিত কাৰ্যবাহী সদস্য জনে বিগত প্ৰায় পোন্ধৰ দিনত ষোল্ল টা আঁচনিৰ আধাৰশিলা স্থাপন কৰি আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টি দখল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বিপিএফ দলে।