
শিমলুগুৰিঃ প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান এতিয়া উঠিল ধোঁৱা চাঙত৷ স্বচ্ছ ভাৰতৰ আৰু পৰিবৰ্তনৰ ঢাক-ঢোল লৈ শাসনত অধিষ্ঠিত হোৱা বিজেপি দলে নিজৰ প্ৰতিশ্ৰুতিত যে বিফল হৈছে তাৰে উমান পোৱা যায় শিমলুগুৰি নগৰৰ কৰ্দয্যময় পৰিবেশত।
কাৰ্যভাৰ হাতত লৈয়ে পদপথতো চূণ তেল সানি চমক সৃষ্টি কৰিব বিচৰা নগৰ সমিতিখনে কিন্তু বৰ্তমান নগৰৰ চাফ চিকুণত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। নগৰৰ সকলো বাট পথৰ লগতে ব্যৱসায়িক এলেকা তথা আৱাসিক এলেকা সমুহৰ সন্মুখখভাগ বিলাকত জাৱৰৰ দমে পুতিগন্ধময় পৰিবেশ সৃষ্টি কৰিছে।
অপৰিকল্পিত ভাৱে নিৰ্মাণ কৰা নৰ্দমাই পানী নিস্কাষণ কৰাৰ বিপৰীতে বোকাময় পৰিবেশৰ সৃষ্টি কৰি ৰাইজক বহু আহুকালত পেলাইছে যদিও কাণসাৰ নাই নগৰ সমিতিখনৰ। নগৰৰ স্বচ্ছতাৰ বিষয়টোৰ ক্ষেত্ৰত মহকুমা
প্ৰশাসনৰো কোনো ইতিবাচক ভুমিকা পৰিলক্ষিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ ৰাইজ জিলা উপায়ুক্তৰ কাষ চাপিব বুলি জানিব পৰা গৈছে।