নগাঁওঃ অসমৰ চৰ অঞ্চলত একাংশ মাতব্বৰে শাসন কৰা বুলি সময়ে সময়ে অভিযোগ উত্থাপন কৰে৷ মাতব্বৰসকলে ধৰ্ষণৰ গোচৰৰ পৰা আৰম্ভ তকি হত্যাকাণ্ডৰ গোচৰ পৰ্যন্ত নিস্পত্তি কৰে৷ ইমানে নহয় একো একো খন চৰত তলে তেওঁলোকৰ দাদাগিৰী৷ নগাঁও জিলা আৰু শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত দীৰ্ঘদিন ধৰি ভূ-মাফিয়া, মাতব্বৰৰ ৰাজ চলি থকা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ 

ভূ-মাফিয়া, মাতব্বৰ হাৰ বলেৰে বিভিন্ন কাণ্ড সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও নগাঁও আৰু শোণিতপুৰ জিলাৰ প্ৰশাসনে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷  

অভিযোগ অনুসৰি, নগাঁও জিলা আৰু শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰত কিতাব আলী আৰু নজৰুল ইছলামৰ নেতৃত্বত সাতজনীয়া দল এটাই অতিষ্ঠ কৰি তুলিছে চৰৰ লোকক। মাফিয়া ৰাজেৰে অসহায় তথা দুখীয়া-নিচলাৰ গোচৰ মীমাংসা কৰাৰ লগতে ভয়-ভাবুকিৰে মাটি দখলত নামিছে চক্ৰটোৱে৷ 

উপায়হীন হৈ নিজৰ মাটি হেৰুওৱা দুৰ্ভগীয়াই ইতিমধ্যে ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ৷ প্ৰাপ্ত তথ্য মতে, গেৰেটাপু চাপৰি চৰৰ আনোৱাৰা ইছলাম ওৰফে আনু মুন্সীৰ ১২ বিঘা মাটি প্ৰাণে মৰাৰ ভাবুকি দি বেদখল কৰে ভূ মাফিয়া ৰূপী কিতাব আলীয়ে। 

প্ৰকাশ যে, সততে অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত ভূ মাফিয়া কিতাব আলী আৰু নজৰুল ইছলামে এচাম ভেৰণীয়া গুণ্ডা বাহিনী লগত লৈ ব্ৰহ্মপুত্ৰৰ গেৰেটাপু চাপৰি চৰত চলাই  আহিছে সমান্তৰাল ভাৱে এক পৃথক চৰকাৰ। 

উঠি ৰজা, বহি ৰজা হিচাপে ভেৰণীয়া গুণ্ডা লৈ দীৰ্ঘদিন ধৰি চলাই আহিছে ৰাজ। জানিব পৰা মতে, কিতাব আলী আৰু নজৰুল ইছলামৰ নেতৃত্বত চলা ভূ-মাফিয়াৰ বিৰুদ্ধে  নগাঁও আৰু শোণিতপুৰ জিলাৰ বিভিন্ন থানাত কেইবাটাও হত্যাৰ গোচৰ ৰুজু হৈ আছে। এতিয়া প্ৰশ্ন হয় যে, নগাঁও আৰু শোণিতপুৰ জিলাৰ প্ৰশাসনে কিতাব আলী আৰু  নজৰুল ইছলামৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে?