07
Nov
2017

গুৱাহাটীঃ মঙলবাৰে মহানগৰ আৰক্ষীৰ অভিযানত জালত পৰে গাঞ্জা সহ দুজন লোক৷ গুৱাহাটী ৰেল ষ্টেছনত ৰেল আৰক্ষী আৰু মহানগৰ আৰক্ষীৰ অভিযানত প্ৰায় ৩২ কেজি গাঞ্জা আৰু বহু পিৰমাণৰ নিচাজাতীয় টেবলেট সহ গ্ৰেপ্তাৰ হয় গৌতম চাহা আৰু টনু দত্ত নামৰ দুজন লোক৷
জানিব পৰা মতে, এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে গুৱাহাটী লেৰ ষ্টেছনত বহু সময় ধৰি অভিযান চলাই৷ অভিযান কালত ত্ৰিপুৰা আনন্দ বজাৰ এক্সপ্ৰেছৰ পৰা দুজন লোক সহিতে গাঞ্জা আৰু নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়৷