দলংঘাটঃ দৰং জিলাৰ বাবে গৌৰৱ কঢ়িয়াই কলাইগাঁৱ সমষ্টিৰ অন্তৰ্গত উদমাৰী গাঁৱৰ অনুপম চহৰীয়া আৰু জিতুমণি চহৰীয়াৰ কন্যা শিশু কন্ঠশিল্পী মানসী চহৰীয়াই ‘& TV’য়ে আয়োজন কৰা ভয়চ অৱ ইণ্ডিয়া কিডছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে বাচনি হৈছে।

ইতিমধ্যো মানসীয়ে পিতৃ মাতৃ সহিতে মুম্বাইৰ ‘& TV’ত গৈ উপস্থিত হৈছে। ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত মানসী চহৰীয়াই প্ৰায় চাৰি বছৰ বয়সৰ পৰাই সংগীত জগতখনত প্ৰৱেশ কৰি বিভিন্ন মঞ্চত গীত নৃত্য পৰিৱেশন কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷

মানসীয়ে চপাই বিহু সমিতিয়ে আয়োজন কৰি অহা ‘ভয়চ অৱ দৰং’ৰ খিতাপো লাভ কৰিবলৈ সক্ষম হৈছিল।

মানসীৰ পিতৃ অনুপম চহৰীয়াও এগৰাকী সুদক্ষ তবলা বাদক হোৱাৰ লগতে মাতৃ জিতুমণি চহৰীয়া এগৰাকী ভাল কন্ঠৰ গৰাকী।

মানসীৰ এই যাত্ৰাত সফল হ’বৰ বাবে সমূহ অসম বাসীৰ আৰ্শীবাদ আৰু সহায় সহযোগ কৰাৰ বাবে পিতৃ-মাতৃৰ লগতে পৰিয়ালে কামনা কৰিছে।