অভয়াপুৰীঃ বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ এল বি একাডেমীত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অধ্যয়নৰত ভনিতা দাস (১৭) নামৰ ছাত্ৰীগৰাকী বিদ্যালয়ত পৰীক্ষা দিবলৈ আহি সন্ধানহীন হৈ আছে। যোগীঘোপা থানাৰ অন্তৰ্গত বিষ্ণুপুৰ গাঁওৰ বাসিন্দা ভনিতা দাসে বিদ্যালয়ৰ ইউনিফৰ্মত ঘৰৰ পৰা অভয়াপুৰীৰ এল বি একাডেমীত পৰীক্ষা দিবলৈ আহে যদিও নিশালৈ ঘৰলৈ উভটি নহাত পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

আনহাতে ভনিতাৰ মবাইল ফোনটো বন্ধ হৈ থকাত ভনিতাৰ সৈতে পৰিয়ালৰ লোকৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। আত্মীয় লোক, বন্ধু-বান্ধবীৰ ঘৰত ভনিতাক বিচাৰিও পৰিয়ালৰ লোকে কোনো সন্ধান নোপোৱাত ভনিতাৰ মাতৃ সৰোজিনী দাসে যোগীঘোপা থানাত সন্ধানহীনৰ বিষয়টো লিখিতভাৱে অৱগত কৰিছে।

উল্লেখ্য যে, সোমবাৰে সন্ধিয়া ভনিতাৰ মবাইলেৰে কোনো অচিনাক্ত যুৱকে ভনিতাৰ ককায়েকলৈ ফোন কৰি ভনিতা তেওঁৰ লগত আছে আৰু তেওঁ ভনিতাক লৈ উৰিষ্যালৈ গৈ থকা বুলি অৱগত কৰে।

ইপিনে কোনো লোকে ভনিতাৰ সন্ধান পালে ৯৪৩৫০৯৭৫৮১ নতুবা ৯৬১৩৪৬৭৮২৪ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনোৱাৰ লগতে ভনিতাৰ পিতৃ উপেন দাসে পিতৃ-মাতৃৰ মানসিক অৱস্থাৰ কথা উপলব্ধি কৰি পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি ভনিতাক কাতৰ ভাবে আহ্বান জনাইছে।