গোলকগঞ্জঃ জিলেলে জিলেলে অ’ জিলেলে/যাব গৈ লাগিব মই অৰুণাচললে৷ ঠাইতে ওখ, ঠাইতে চাপৰ নোৱাৰা মই বেগাব.... জনপ্ৰিয় গায়ক সীমান্ত শেখৰৰ গানটোত কোৱাৰ দৰে চাইকেল চলাই হয়তো আপুনি অৰুণাচললৈ যাব পাৰিব৷ শেহতীয়াকৈ অসমৰ বহু গ্ৰাম্য পথত আপুনি চাইকেল চলাই যোৱাটো দূৰৰ কথা খোজকাঢ়িও যাব নোৱাৰিব৷ 

নিশ্চয় অৰুণাচললৈ বহু দূৰ যদিও চাইকেলেৰে যেনে তেনে যাব পাৰিব৷ হয়তো আপোনাৰ সময় অলপ বেছি লাগিব৷ কিন্তু আপুনি ধুবুৰী জিলাৰ গোলকগঞ্জ অঞ্চলৰ বাট-পথত চাইকেল চলাই যাম বুলি নাভাবিব৷

কিয়নো গোলকগঞ্জ সমষ্টিৰ বহু পথত চাইকেল চলোৱাটো দূৰৰ কথা আপুনি খোজকাঢ়িব নোৱাৰিব৷ খলা-বমা, গাতৰ বাবে গাড়ী মটৰ নহয় ট্ৰেক্টৰ হে চলাব পাৰে সমষ্টিটোৰ গ্ৰাম্য এলেকাৰ পথত৷ বহু পথৰ এতিয়া চিন-চাব নাই৷ 

যোৱাটা বাৰিষা গোলকগঞ্জ সমষ্টিৰ কেইবাটাও পথ বান পানীয়ে খহাই নিছিল৷ পথ সমূহত ঠায়ে ঠায়ে বৃহৎ দ’ দ’ গাত হৈ পৰিছিল৷ বাৰিষাৰ প্ৰায় তিনিমাহ কাল মৰণক সৰণ কৰি ৰাইজে আহ-যাহ কৰিছিল৷ পথৰ মাজৰ গাত সমূহত জমা হৈ থকা পানী-বোকাৰ বাবে ৰাইজে খোজ কাঢ়িব পৰা নাছিল৷

#গোলকগঞ্জৰ পথ অৱস্থা চাবলৈ বিধায়ক অশ্বিনী ৰায় সৰকাৰক সমষ্টি ভ্ৰমণ কৰাৰ আহ্বান ৰাইজৰ
#বিধান সভাত নীৰৱে থকাৰ লগতে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰতো নীৰৱ বিধায়ক ৰায়৷
#নিৰ্বাচনৰ যোৱাৰ পিছত বিধায়ক অশ্বিনী ৰায়ে ৰাইজৰ খবৰ লবলৈ পাহৰি গৈছে৷

শৰালি অহাৰ লগে লগে বৰষুণ দিবলৈ এৰাৰ লগে লগে পথৰ বোকা শুকাই পৰে৷ ৰাইজে আশা কৰিছিল পানী শুকুৱাৰ লগে লগে পথ সমূহ নিৰ্মাণ কৰিব প্ৰশাসনে৷ ৰাইজে বিধায়কে নেতৃত্ব লৈ পথ সমূহ নিৰ্মাণ কৰিব বুলি বাট চাই ৰৈছিল যদিও শেষত ৰাইজৰ আশাত চেঁচাপানী পৰে৷ পুনৰ বাৰিষা আহিল বৰষুণ দিবলৈ আৰম্ভ কৰিলে যদিও বিধায়ক তথা প্ৰশাসনৰ খবৰ নাই৷

যাৰ ফলত যোৱা এটা বছৰে ৰাইজে জ্বলা-কলা খাব লগা হৈছে ৰাইজ৷ ৰাইজে অভিযোগ কৰা মতে, নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত বিধায়ক অশ্বিনী ৰায়ে ৰাইজৰ খবৰ লবলৈ পাহৰি গৈছে৷ নিৰ্বাচনৰ পূৰ্বে বহু কাম কৰাৰ প্ৰতিশ্ৰুতি দি এতিয়া লোকচক্ষুৰ পৰা পলাই থকাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷

পথত চাইকেল চলাব নোৱাৰি৷ গাঁতৰ বাবে পথত চাইকেল চলাব নোৱাৰিব, গাড়ী-মটৰটো দূৰৰে কথা৷ কিয়নো পথসমূহ মেৰামতি নোহোৱাৰ ফলত পথৰ গাতবোৰ গাতে হৈ থাকিল৷ পাঁচ বছৰৰ মূৰে মূৰে নানা ভুৱা প্ৰতিশ্ৰতি দি ৰাইজৰ ভোট লৈ ৰাজনৈতিক দলবোৰে চৰকাৰ গঠন কৰে যদিও প্ৰতিশ্ৰুতি সময়ত পালন নকৰে ৰাজনৈতিক দলবোৰে৷

চৰকাৰ সলনি হয় যদিও সলনি নহয় ৰাজ্যৰ আমোলা বিষয়া তথা কৰ্মচাৰী। বছৰ বছৰ ধৰি আমোলা বিষয়া তথা কৰ্মচাৰীৰ বিৰুদ্ধে আঁচনি ৰূপায়ণত উত্থাপন হয় লুন্ঠন চলোৱাৰ অভিযোগ। ধুবুৰী জিলাৰ গোলকগঞ্জ উন্নয়ন খণ্ডৰ তথা গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত পাগলাহাট-হাজীৰহাট পথটোৰ কেইবাটাও অংশ বানপানীয়ে উটুৱাই কেইবাটাও অংশ খহাই নি বিস্তৰ ক্ষতিসাধন কৰিছিল। 

গংগাধৰ নৈৰ পানীয়ে পাগলাহাটৰ পৰা হাজীৰহাট, মৰাগদাধৰ লৈ যোৱা পথছোৱা কেইবাঠাইত ছিঙি নিয়াৰ ফলত গ্ৰাম্য পথত যোগাযোগ ব্যাহত হৈ পৰিছিল৷ 
পশ্চিম মৰাগদাধৰচৰ, হাজীৰহাট, পূৰ্ণিৰচৰ, কাচখানা আদিকে ধৰি কেইবাখনো গাঁৱৰ শ-শ লোকে তথা বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী, ৰোগী, ব্যৱসায়ী, কৃষক, চাকৰিয়াল আদিয়ে আহ-যাহ কৰে৷

বৰ্তমান পথটোত এম্বুলেন্স এখন সোমাব নোৱাৰে‌। জৰুৰীকালীন অৱস্থাত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী, আৰক্ষী, সেনা তথা প্ৰশাসনৰ লোকৰ গাড়ী আহিব নোৱাৰে৷ বাৰিষাৰ আহমুহূৰ্তত গোলকগঞ্জৰ বাট-পথ সমূহ মেৰামতি কৰিবলৈ ৰাইজে দাবী জনায়। আনহাতে গোলকগঞ্জ সমষ্টিত কেৱল এইটোৱে নহয় বহু বানে ক্ষতি কৰা পথ আছে৷