বিজনীঃ বি টি এ ডিৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আহিছে এক আশাৰ বতৰা। চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ৰ খেলপথাৰত আজিৰ পৰা দহদিনীয়াকৈ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আৰম্ভ হৈছে এক প্ৰশিক্ষণ শিবিৰৰ।

বিজনী জিলা যুৱ বি পি এফৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত শিবিৰটো আজি পুৱা আনুষ্ঠানিকতাৰে উদ্বোধন কৰে বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰীয়ে।

অসম আৰক্ষী, পেৰামিলিটাৰী আৰু ভাৰতীয় সেনা বাহিনীত নিযুক্তি লাভ কৰাৰ যোগ্যতা প্ৰদানৰ উদ্দেশ্যে আয়োজিত প্ৰশিক্ষণ শিবিৰটোত বিজনী অঞ্চলৰ মুঠ ২১৭ গৰাকী নিবনুৱা যুৱক-যুৱতীয়ে ভাগ লৈছে। প্ৰশিক্ষক হিচাপে থাকিব বিজনী আৰক্ষী, চি আৰ পি এফ আৰু সেনা বাহিনীৰ দল।