ঢেকীয়াজুলিঃ ৰাজ্যত দুবাৰকৈ হোৱা প্ৰলয়ংকাৰী বানে মষিমুৰ কৰিছে কৃষকৰ সপোন৷ নিজৰ পথাৰ খনতেই জীৱনৰ বুটা বচা কৃষকসকলৰ এতিয়া মূৰে কপালে হাত দিয়া অৱস্থা৷ কিন্তু তাৰ মাজতেই শোণিতপুৰ জিলাৰ জিলা কৃষি বিভাগ কৃষকলৈ কঢ়িয়াই আনিছে সুখবৰ৷

এতিয়া জিলাখনৰ কৃষকে ভাদ মাহতো কৰিব পাৰিব ধানৰ খেতি৷ বানপানী শুকোৱাৰ পাছত কৃষকসকলে পথাৰত ধানৰ খেতি কৰিবৰ বাবে জিলা কৃষি বিভাগে কৃষকক যোগান ধৰিব শালি ধানৰ কঠিয়া৷ সাম্ভাব্য দুৰ্যোগৰ আগজাননী পায়েই জিলাখনৰ কৃষি বিভাগটোৱে চতিয়া কৃষি খণ্ডৰ অন্তৰ্গত "বাকুলা কৃষি ফাৰ্ম"ত ৬০ বিঘা মাটিত সিঁচি থৈছিল এই কঠিয়াসমূহ৷ উল্লেখ্য যে, ভাদ মাহত ৰুলেও ভাল ফচল পাব পৰা বিবিধ জাতৰ শালি ধানৰ কঠিয়া সিঁচি বৰ্তামানে ৰুৱাৰ উপযোগী কৰি ৰখা হৈছে এই কঠিয়াসমূহ৷

যি সকল কৃষকে বানপানীৰ কৱলৰ পৰা মুক্ত হোৱা পথাৰ সমূহত পুনৰ কৃষি কাৰ্য কৰিব বিচাৰে সেই সকলে জিলা কৃষি বিষয়াৰ কাৰ্যালয় কিম্বা নিজ নিজ কৃষি চক্ৰ এলেকাৰ বিভাগীয় কৃষি বিষয়াসকলৰে যোগাযোগ কৰি এই কঠিয়া সংগ্ৰহ কৰিব পাৰিব বুলি তেজপুৰ মহকুমা কৃষি বিষয়া অৰুণ হাজৰিকাই জানিবলৈ দিছে৷ উল্লেখ্য যে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কৃষি ফাৰ্মখনত কঠিয়া সিঁচি মজুত ৰখাৰ এই সমগ্ৰ ব্যৱস্থাটোত গুৰুত্ব পূৰ্ণ ভুমিকা পালন কৰিছিল৷

ফাৰ্মখনত নিজ হাতে কঠিয়া সিঁচি শুভাৰাম্ভ কৰা বিধায়ক পম্ম হাজৰিকাৰ তৎপৰতা, শোণিতপুৰ জিলাৰ উপায়ুক্ত, জিলা কৃষি বিষয়াকে আদি কৰি অন্যান্য বিষয়া সকলে কৰা সমূহীয়া প্ৰচেষ্টাই এনেদৰে বিপদাপন্ন কৃষকসকলক কিছু হ’লেও সকাহ দিয়াত সহায়ক হ’ব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে৷