
গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত ২১ অক্টোবৰৰ পুৱতি নিশা গোৰেশ্বৰ আৰক্ষী আৰু সুবাগপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই দুই যুবকক আটক কৰা হয়। গোৰেশ্বৰ থানা অন্তৰ্গত ঔবাৰী গাওঁৰ ধন দাবীৰ সৈতে জড়িত দুই যুবক আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰত প্ৰকাশ যে গোৰেশ্বৰৰ ঔবাৰী গাওঁৰ মনমিল দাসৰ পুত্ৰ মনোজ দাস (২৪) আৰু ডিমেশ্বৰ দাসৰ পুত্ৰ ভৱজিৎ দাস (২৩) য়ে দীৰ্ঘ দিন ধৰি ভুৱা মোবাইল চীম কাৰ্ডৰ সহায়ত বিভিন্ন জনক ধনদাবী কৰি আহিছিল।
কেবাটাও অসামাজিক কামৰ সৈতে জড়িত যুবকদ্বয়ে মিলি জিএমচিএইচৰ জনৈক নাথ উপাধিৰ চিকিৎসক এজনৰ পৰা দুই লাখ টকা সৰকাইছিল কিছুদিন পূৰ্বে। এই সম্পৰ্কে ভঙাগড় থানাত ১৫২/২০১৮ নম্বৰৰ গোচৰ ৰুজু হৈ আছে । ডিব্ৰুগড় থানাতো গোচৰ থকা বুলি জানিব পৰা গৈছে দুই যুবকৰ বিৰুদ্ধে। যুবক দুজনৰ পৰা মোবাইল তিনিটা, আৰু চীম ৩ খন উদ্ধাৰ কৰিছে আৰক্ষীয়ে । এখন পালচাৰ মটৰ চাইকেলো জব্দ কৰিছে আৰক্ষীয়ে। যুৱকদুজনক গুৱাহাটীলৈ লৈ যাবলৈ ইতিমধ্যে গোৰেশ্বৰ থানাত উপস্থিত হৈছে ভঙাগড় আৰক্ষী৷ আজি নিশা ১০ বজাত যুবক দুজনক ভঙাগড় আৰক্ষীৰ হাতত চমজাই দিছে গোৰেশ্বৰ আৰক্ষীয়ে।
দীপাংকৰ দাস,গোৰেশ্বৰ