
গোৰেশ্বৰঃ চৰকাৰে সকলো ক্ষেত্ৰতে জনসাধাৰণক বিভ্রান্ত কৰি দেশ শাসন কৰিবলৈ আগবাঢ়িছে। প্ৰতিদিনে ৰন্ধন গেছৰ মূল্যবৃদ্ধি, বিদ্যুতৰ অনিয়মীয়া যোগান, ৰাজ্যত হত্যা-হিংসাৰে শাসনৰ বাঘজৰী নিজৰ হাতৰ মুঠিত ৰাখি দুখীয়া ৰাইজক কেঁকোৰা চেপা দিছে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে। এই অভিযোগ ভাৰতৰ ছাত্র ফেডাৰেচন আৰু ডিৱাইএফআইৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ।
আজি চৰকাৰৰ এনে নীতি বিৰোধিতাৰে সন্ধিয়া ৬ বজাত বাগসা জিলাৰ গোৰেশ্বৰত এখন পথ সভা অনুষ্ঠিত কৰে ছাত্ৰ সংগঠন দুটাই। সভাত অলপতে কোকৰাঝাৰত দুৰ্বৃত্তৰ দ্বাৰা এবিএমছু ৰ সভাপতি লাফিকুল ইছলামক হত্যাৰ ঘটনাৰ তীব্র প্ৰতিবাদ সাব্যস্ত কৰা হয়। আজিলৈ দোষীক কৰায়ত্ত কৰিব নোৱাৰা কাৰ্যত প্ৰশাসনক ধিক্কাৰ দিয়ে।
পথসভাত ভাষণ দি কমৰেড ভৱেশ নাথে মধ্যাহ্ন ভোজন আচঁনি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ বিচৰা কৰ্যৰো তীব্র নিন্দা কৰে। বিদ্যুত বিভাগক নাকি লগাব নোৱাৰা শক্তি মন্ত্ৰী পল্লৱলোচন দাসে কেৱল শিক্ষকক অপমান কৰা দেখি দাঁত নিকটাই হাঁহিব পাৰে, কিন্তু কিয় নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰতি দিয়াৰ দৰে ২৪ ঘন্টাই বিদ্যুত যোগান ধৰিব নোৱাৰে বুলি প্ৰশ্ন কৰে।
কমৰেড বিৰাজ ডেকাই গোৰেশ্বৰত অনিয়মীয়া বিদ্যুত যোগানৰ লগতে গ্ৰাহকক বিভ্ৰান্তিকৰ বিলৰে হাৰাশাস্তি কৰাৰ অভিযোগ তোলে। ৰন্ধন গেছৰ মূল্য প্ৰতিমাহে বৃদ্ধি কৰিব বিচাৰি ৰাজসাহাৰ্য্য কৰ্তন কৰাতো জনবিৰোধী নীতি বুলি অভিহিত কৰে।
আনহাতে যিজন শিক্ষামন্ত্ৰীয়ে অসমত ভেন্সাৰ শিক্ষানুষ্ঠানৰ সমস্যাৰ লগতে টেট শিক্ষকৰ সমস্যা সমাধান কৰিব পৰা নাই তেনে সময়ত অসমত দীনদয়ালক উপাধ্যায় আদৰ্শ মহাবিদ্যালয় স্থাপন কৰিব খোজাতো অযুক্তিকৰ বুলি কয় বিৰাজ ডেকাই। কমৰেড ব্ৰজ ডেকাই জিএছটিৰ নামত সাধাৰণ ৰাইজক চৰকাৰে মাধমাৰ দিয়া বুলি অভিযোগ উত্থাপন কৰে। চীনা সামগ্ৰী বৰ্জন কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱাতকৈ চৰকাৰে নিজে সেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কমৰেড গৰাকীয়ে মন্তব্য কৰে। পথসভাত প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দিয়াৰ লগতে প্লেকাৰ্ড প্ৰদৰ্শন কৰে।