
শিমলুগুৰিঃ আটাছুৰ দখললৈ গ’ল ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা৷ শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ত আজি অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আটাছুৰ বিশ্বজিৎ বুঢ়াগোঁহাই সভাপতি, গিৰ্তাথী গগৈ উপ-সভাপতি, অবিনাশ শইকীয়া সাধাৰণ সম্পাদক, প্ৰাঞ্জল গগৈ সহঃ সম্পাদক, মনোযুগ্ধ ৰাজকোঁৱৰ সাংস্কৃতিক সম্পাদক পদত বিজয়ী হয়।
আনহাতে আফৰাজ ৰহমান খেল, ভাৰ্গৱ লিগিৰা আলোচনী, প্ৰাঞ্জল প্ৰতীম ৰাজকোঁৱৰ গুৰু খেল, কাল্গু বল্লভ ৰাজকোঁৱৰ লঘু খেল, নিকুমণি মহন ছাত্ৰী জিৰণি চৰা আৰু পৰিক্ষিত গগৈ শৰীৰ চৰ্চা বিজয়ী হয়। একতা সভাৰ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদেও প্ৰতিদ্বণ্ডীতা কৰিছিল যদিও আটাছুৰ এঘাৰ জন সদস্য বিজয়ী হয়। বিজয়ী প্ৰাৰ্থীসকলক আটাছুৰ মূখ্য উপদেষ্টা অশ্বিনী চেতিয়াৰ লগতে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰশান্ত বৰগোঁহাইয়ে ফুলাম গামোচাৰে আদৰণি জনায়।