
newsnextone.com | গোৰেশ্বৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শুকুৰবাৰে ঘোষিত ফলাফলত ৰাজ্যৰ কেইবাখনো সমস্যা বহুল জিলাই ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে৷ কেইবাখনো বান, গৰাখহনীয়াত যুঁজ দিয়া অতি পিছপৰা জিলাই শীৰ্ষৰ দহটা স্থানত নাম অন্তৰ্ভূক্ত কৰিবলৈ সমৰ্থ হৈছে৷ এইবেলি মুঠ পৰীক্ষাৰ্থী আছিল ৩ লাখ ৪৪ হাজাৰ ২১৫ গৰাকী ইয়াৰে পৰীক্ষাত বহে ৩ লাখ ৩৭ হাজাৰ ৫৭০গৰাকী শিক্ষাৰ্থীয়ে৷
সৰ্বমুঠ ছাত্ৰ আছিল ১ লাখ ৬৭ হাজাৰ ৮৯৪ গৰাকী ইয়াৰে ১ লাখ ৯৬ হাজাৰ ৪৯২গৰাকী ছাত্ৰই পৰীক্ষাত বহে৷ ৩১,৮৬১ গৰাকী ছাত্ৰই প্ৰথম বিভাগত, ৪১,৪৪২ গৰাকীয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ২৩, ৭৩৫গৰাকী ছাত্ৰই৷ আনহাতে ১ লাখ ৭৬ হাজাৰ ৩২১গৰাকী ছাত্ৰীৰ ভিতৰত পৰীক্ষাত বহে ১ লাখ ৭৩ হাজাৰ ৭৮ গৰাকীয়ে৷ ইয়াৰে ২৯,১২৬ গৰাকীয়ে প্ৰথম বিভাগত, ৪০,৪১১ গৰাকীয়ে দ্বিতীয় আৰু ২২৫৯৮ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ মহিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৩.২৩ শতাংশ আৰু পুৰুষৰ ৫৯ শতাংশ উত্তীৰ্ণ হয়৷ মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.০৪ শতাংশ৷
বাক্সা জিলাৰ গোৰেশ্বৰৰ ৰেইনবো ইংলিচ স্কুলৰ অনিন্দিত মেধীয়ে অষ্টম স্থাল লাভ কৰে। মুঠ ৫৮৬ নম্বৰৰে অষ্টম স্থান লাভ কৰে অনিন্দিতাই । কমল মেধী আৰু স্বৰ্ণলতা মেধীৰ একমাত্ৰ কন্যা অনিন্দিতা মেধী। পিতৃ কমল মেধী গোৰেশ্বৰস্থিত শুক্লা জলসিঞ্চন প্ৰকল্প কাৰ্যালয়ত এগৰাকী কৃষি সম্প্ৰসাৰণ কৰ্মী হিচাপে কৰ্মৰত।
মুঠ ৫-৬ ঘণ্টাকৈ পঢ়া অনিন্দিতাই ভবিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ লগতে অভিযন্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে। নিজৰ মা-দেউতাক, শিক্ষক-শিক্ষয়িত্ৰী, মামা-মামী সকলোৱে অনিন্দিতাক এনে এটি ফলাফলৰ বাবে উৎসাহিত কৰা বুলি উল্লেখ কৰে। ৰেইনবো ইংলিচ স্কুলৰ অধ্যক্ষা পৃথা পি কেৰ অৰিহণা থকা বুলি উল্লেখ কৰে অনিন্দিতাই।