ৰঙিয়াঃ কেতিয়াবা অসম বন্ধ, জিলা বন্ধ, চ’ক বন্ধ, উজনি বন্ধ, নামনি বন্ধ, চহৰ বন্ধ, নগৰ বন্ধ৷ বন্ধৰ কিমান যে নাম৷ ফুট পাথৰ পাচলি বেপাৰী, ঠেলাৱালা, ৰিক্সাৱালা এটোচালক, দিন মজদুৰ, শ্ৰমিকক সুধিবচোন এদিন অসম বন্ধ হ'লে তেওঁলোকৰ ঘৰত চৌকা জ্বলেনে?

দিনটো হাজিৰা কৰি হাতত পোৱা টকা কেইটাৰে সন্ধিয়া হেপাহেৰে বজাৰ-সমাৰ কৰি পৰিয়ালটোৰ ভাত মুঠি ঘৰলৈ নিয়ে তেওঁলোকে৷ মাত্ৰ এদিন শ্ৰম নকৰিলে চৌকা নজ্বলে তেওঁলোকৰ৷ কপালৰ ঘাম মাটিত পেলাই পৰিয়াল চলোৱা এইসকল লোকে নিজ পৰিয়ালটোৰ ভাত সাজৰ বাবে নিতৌ হাজিৰা কৰে৷ কেনেবাকৈ দিনটো কাম কৰি পেটে-ভাতে খাই জীৱন নিৰ্বাহ কৰে এইসকল লোকে৷

এদিন কাম নকৰিলে তেওঁলোকৰ পৰিয়াল লঘোণে থাকে৷ এই বন্ধই দেশৰ অৰ্থনীতিত তথা ৰাজ্য এখনৰ ৰাজহ সংগ্ৰহত কিমান ক্ষতি কৰে বন্ধ দিয়া সকলে সেই কথা বুজি নাপাব৷ একাংশ সংগঠনে নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈও বন্ধ দিয়া বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে অসম বন্ধ, পথ অৱৰোধ আদিৰ দৰে সাধাৰণ লোকৰ বাবে ক্ষতিকাৰক প্ৰতিবাদী কাৰ্যাসূচীৰ বিৰুদ্ধে এজন সমাজ সচেতন লোক ৰাজপথলৈ ওলাই আহিছে অকলে৷

শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজক পথ অৱৰোধ আৰু অসম বন্ধৰ বিৰুদ্ধে সজাগ তথা সচেতন কৰাৰ উদ্দেশ্যে চাইকেল হাতত লৈ ওলাই আহিছে লোকজনে। সামাজিক দায়িত্ববোধ সম্পন্ন ব্যক্তি গৰাকী হৈছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ গুণ গগৈ। চাৰিটা শ্ল’গানেৰে গুণ গগৈয়ে শদিয়াৰ পৰা ধুবুৰীলৈ সজাগতামূলক অভিযান আৰম্ভ কৰিছে।

সকলো অন্যায়-অনিয়মৰ বিৰুদ্ধে সবল প্ৰতিবাদ হওঁক, কিন্তু প্ৰতিবাদৰ ভাষা কেৱল বন্ধ ঘোষণা অথবা পথ অৱৰোধ নহয়, বন্ধই কোঙা কৰা অসমক পুনৰ সজীৱ কৰি তোলো আহক, প্ৰতিবাদৰ বিকল্প পথ গ্ৰহণ কৰো আহক বন্ধ ঘোষণা অথবা পথ অৱৰোধৰ দৰে অমানৱীয় কাৰ্যসূচী বাতিল হওঁক, বন্ধই ব্যতিব্যস্ত কৰি তোলা দুখীয়া ছাত্ৰ-ছাত্ৰী সকলক বন্ধৰ কবলৰ পৰা মুক্তি দিওঁ আহক বুলি প্ৰচাৰ চলাইছে লোকগৰাকীয়ে।

যোৱা ৩ জুনত শদিয়াৰ পৰা এই উদ্দেশ্য লৈ চাইকেল যাত্ৰা আৰম্ভ কৰা গুণ গগৈয়ে বৃহস্পতিবাৰে ৰঙিয়াত উপস্থিত হয়। ৰঙিয়াত গগৈক বিভিন্ন ব্যক্তিয়ে উষ্ম আদৰণি জনাই তেওৰ কাৰ্যৰ শলাগ লয়।