তিনিচুকীয়াঃ গুণোৎসৱত আশা কৰা ধৰণে ফলাফল লাভ কৰাত আনন্দিত হৈ পৰিছে তিনিচুকীয়া জিলাৰ শিক্ষক, অভিভাৱক, ছাত্ৰ-ছাত্ৰী৷ বুধবাৰে গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ ফলাফল ঘোষণা কৰা অনুযায়ী ভাল প্ৰদৰ্শন কৰে তিনিচুকীয়া জিলাই। ১০ আৰু ১৩ অক্টোবৰত ১২খন জিলাত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফলে ক্ৰমাৎ শৈক্ষিক উত্তৰণ হৈছে বুলি কবি উজনি অসমৰ অন্যতম সমস্যা বহুল জিলা তিনিচুকীয়া৷

সকলো আছে কিন্তু যেন একোৱেই নাই৷ সৰু-সৰু কাৰণতে জিলা বন্ধ ঘোষণা, পথ অৱৰোধ, আন্দোলন, দুষ্কৃতিকাৰীৰ দপদপনি, কেতবোৰ চোৰাং কাৰবাৰ, নিৱনুৱাকে ধৰি এশ এবুৰি সমস্যাৰে জৰ্জৰিত৷ এয়াই যোৱা কেইবাটাও বছৰৰ আছিল তিনিচুকীয়া জিলাৰ বাস্তৱিক প্ৰতিচ্ছবি৷ কিন্তু দিন যোৱাৰ লগে লগে ক্ৰমান্বয়ে যেন সকলো সলনি হ'ব ধৰিছে৷ অতি যতনেৰে সাৰ পানী দি ডাঙৰ কৰা হেপাঁহৰ ফুলনি ডৰাত যেন ফুলৰ কলিয়ে হাঁহিব ধৰে৷

তেনে দৰে সন্তানৰ মুখত হাঁহি দেখিছে জিলা খনৰ অভিভাৱকে৷ ৰাজ্যৰ প্ৰাথমিক শিক্ষাখণ্ডৰ পয়াঁলগা স্বৰূপক উদ্ধাৰ কৰাৰ মানসেৰে গুজৰাটৰ আৰ্হিত ৰাজ্যত প্ৰথমবাৰৰ বাবে আয়োজন কৰা গুণোৎসৱে যেন বহু কথাই কৈ গ'ল, বহু কথাই শিকাই গ'ল৷ তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ ফলাফলে তিনিচুকীয়া জিলালৈ কঢ়িয়ালে আনন্দৰ বতৰা৷ বুধবাৰে এখন সংবাদ মেল যোগে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱৰ ফলাফল ঘোষণা কৰে৷

গুৱাহাটীত সংবাদমেল যোগে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত ১৩খন জিলাৰ তালিকা আৰু ফলাফল সমূহ ঘোষণা কৰাৰ পিছতে আনন্দিত হৈ পৰে তিনিচুকীয়াবাসী৷ শৈক্ষিক ক্ষেত্ৰত অসমৰ আন আন জিলাৰ তুলনাত তিনিচুকীয়াৰ মান পূৰ্বতে যথেষ্ট পিছ পৰি আছিল যদিও সম্প্ৰতি গুণোৎসৱে সেই ছবি সলাই ন-ৰূপত উজলাই তোলাৰ প্ৰয়াস কৰিছে৷ গুণোৎসৱত দ্বিতীয় স্থানত লাভ কৰা কাৰ্যই স্বাভাৱিকতে তিনিচুকীয়াৰ শৈক্ষিক মহলত আনন্দৰ লহৰ তোলাৰ লগতে শিক্ষা জগতলৈয়ো নতুন ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি সচেতন মহলে মন্তব্য কৰিছে৷

আনহাতে গুণোৎসৱৰ এই ফলাফলৰ বাবে তিনিচুকীয়া জিলাৰ উপায়ুক্ত ঐনাম চৰণ সিঙে ইয়াক বিভাগটোৰ প্ৰতিজন কৰ্মীৰ একতা আৰু সত্যনিষ্ঠাৰ বাবে সম্ভৱ বুলি মত ব্যক্ত কৰে৷ তদুপৰি জিলাখনৰ শিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত পাৰ্থপ্ৰতীম বৈৰাগীয়েও এই সফলতাৰ আঁৰত শিক্ষাৰ স'তে জড়িত প্ৰতিজন ব্যক্তিয়ে অংশীদাৰ বুলি জনায়৷ তদুপৰি এয়া আৰম্ভণিহে অনাগত দিনত অধিক সফলতাৰ বাবে আগুৱাই যাবলৈ সকলোকে উৎসাহ যোগায়৷ তিনিচুকীয়া জিলাৰ মুঠ ১৪৪৬ বিদ্যালয়ৰ ২৬৪খনে এ+, ৫৪৯ খনে এ, ৩৮১খনে বি ,১৮৪ খনে চি আৰু ৬৮খন বিদ্যালয়ে ডি গ্ৰেড লাভ কৰিছে৷