
দেৰগাঁওঃ ৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ শুকুৰবাৰে তৃতীয় দিন৷ ৰাজ্যৰ ১৩ জিলাৰ শিক্ষানুষ্ঠান সমূহ শুকুৰবাৰে পুৱাৰে পৰা ব্যাপক ব্যস্ত হৈ পৰা দেখা যায়৷ ৩ জানুৱাৰীৰ পুৱাৰে পৰা আৰম্ভ হোৱা শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে যোৱা দুটা দিনৰ দৰে শুকুৰবাৰেও ব্যস্ত হৈ পৰিছে গুণোৎসৱৰ বাবে৷ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফল ঘোষণাৰ পিছতে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হয় ৩ জানুৱাৰীৰ পৰা৷
গুণোৎসৱ নিয়াৰিকৈ সম্পন্ন কৰি উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বাবে ইতিমধ্যে প্ৰতিটো শিক্ষা খণ্ডৰ প্ৰতিখন বিদ্যালয়ে ব্যস্ত হৈ পৰিছে৷ গুণোৎসৱৰ বাবেই বিদ্যালয়সমুহো ন-ৰূপত সজাই তুলিছে। বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুপাতে শিক্ষকৰ অভাৱ, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও প্ৰতিখন বিদ্যালয়ে গুণোৎসৱক যাতে ভাল ফলাফল লাভ কৰিব পাৰে তাকে লৈ আৰম্ভ কৰিছিল ব্যাপক প্ৰস্তুতি।
ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ শৈক্ষিক উন্নয়ন সাধন কৰাৰ বাবে শিক্ষা বিভাগে আৰম্ভ কৰিছে গুণোৎসৱ৷ আন আন জিলা সমূহৰ লগতে গোলাঘাট জিলাটো ব্যাপক ব্যস্ততা গুণোৎসৱক লৈ৷ গোলাঘাট জিলাৰ দেৰগাঁৱৰ পূৱ কাকডোঙা উচ্চ মাধ্যমিক বিদ্যালয়, কাকডোঙাৰ গোহাঁইমেৰ প্ৰাথমিক বিদ্যালয়, চাবুকধৰা প্ৰাথমিক বিদ্যালয়ত শুকুৰবাৰে তৃতীয় পৰ্যায়ৰ তৃতীয় দিনৰ গুণোৎসৱৰ কাৰ্য্যসুচীৰ বাবে সাজু হোৱা দেখা যায়৷
পূৱ কাকডোঙা উচ্চ মাধ্যমিক বিদ্যালয়ত পৰ্যবেক্ষক হিচাপে উপস্থিত হয় নন্দনাথ শইকীয়া মহাবিদ্যালৰ প্ৰৱক্তা বুদ্ধিন দত্ত, কাকডোঙা গোহাঁইমেৰ প্ৰাথমিক বিদ্যালয়ত মৰিয়ণি কলেজৰ প্ৰৱক্তা ৰঞ্জন বৰুৱাই৷ বিদ্যালয়সমূহত প্ৰাৰ্থনা সভাৰ পিছতেই আৰম্ভ হয় গুণোৎসৱৰ মূল্যয়ান প্ৰক্ৰিয়া৷ বিদ্যালয় পৰিচালনা সমিতি লগতে মাতৃ গোটৰ আৰু অভিভাৱক সৈতেৰ পৰ্যবেক্ষকসকলে বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হয়৷
জিলা খনৰ মুঠ ১৬৩৫ খন বিদ্যালয়ত আৰম্ভ হৈছে গুণোৎসৱ৷ ১৩ খন জিলাৰ ১৭,৮৮৪ খন নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সৰ্বমুঠ ১২,৩৭,৯২২গৰাকী ছাত্ৰ–ছাত্ৰীয়ে গুণোৎসৱত অংশ লব৷ প্ৰথমে ৬-৯ নৱেম্বৰলৈ গুণোৎসৱৰ দিন ধাৰ্য কৰিছিল। এই দিন সলনি কৰি ৫-৮ ডিচেম্বৰলৈ তাৰ পিছত পুণৰাই ২৬-২৯ ডিচেম্বৰলৈ অনুষ্ঠিত কৰা দিন ঠিক কৰিছিল যদিও অৱশেষত এই দিনো সলনি কৰি চৰকাৰে এনআৰচিৰ খচৰা প্ৰকাশ হোৱাৰ পিছতহে অৰ্থাৎ ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ অনুষ্ঠিত কৰিলে গুণোৎসৱ৷