বটদ্ৰৱাঃ স্বাধীনতা আন্দোলন, ভাৰত-চীনৰ যুদ্ধ কথা বোৰ ‘জ্ঞানীজী’ৰ নখ দৰ্পনত৷ অসমৰ উত্থান পত্নৰ সাক্ষী ‘জ্ঞানীজী’৷ ১০২ বছৰ বয়সত নগাঁৱৰ ‘জ্ঞানীজী’ মৃত্যু হ’ল৷

নগাঁও জিলাৰ খুটিকটীয়া নিৱাসী জ্ঞানী চৰ্দাৰ সিংহৰ ১০২ বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটে৷ প্ৰয়াত সিংহ এজন কঠোৰ পৰিশ্ৰমী, ধাৰ্মিক আৰু সমাজপ্ৰিয় ব্যক্তি আছিল ৷

আমৃত্যু নগাওঁ জিলাৰ বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওত:প্ৰোতভাৱে জড়িত চৰ্দাৰজীৰ ধৰ্মীয় ক্ষেত্ৰত থকা তেওঁৰ গভীৰ জ্ঞান সমাজৰ আন আন সকলক বিলাই সমাজ আৰু মানৱজাতিৰ বাবে একো একোজন উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰিছিল৷

যাৰ বাবে সকলোৱে "জ্ঞানীজী" বুলিয়েই সম্বোধন কৰি উপযুক্ত সন্মান জনাইছিল৷ মৃত্যুৰ সময়ত তেওঁ জ্যেষ্ঠ পুত্ৰ অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ চৰ্দাৰ হৰদীপ সিংহ সহিতে চাৰিজন যোগ্য পুত্ৰ, পাঁচগৰাকী বিবাহিতা জীয়ৰীৰ ওপৰিও বহুকেইজন নাতি-নাতিনীসহ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷

বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুত শিখসমাজৰ লগতে জিলাখনৰ বহু ধৰ্মীয়, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানসহ দল-সংগঠনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷