anitwitter
anitwitter

newsnextone.com | হাইলাকান্দিঃ বৰাক উপত্যকাৰ আলগাপুৰ সমষ্টিৰ ইউডিএফৰ পলাতক বিধায়ক নিজাম উদ্দিন চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন যুৱ মৰ্চাই। হাইলাকান্দি নগৰত শতাধিক যুৱ মৰ্চাৰ নেতা-কৰ্মীয়ে ইউডিএফ মুৰ্দাবাদ, নিজাম উদ্দিন চৌধুৰীক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। শীঘ্ৰে নিজাম উদ্দিন চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় যুৱ মৰ্চাই। অন্যথাই পুনৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰশাসনক।  

উল্লেখ্য যে, বৰাক উপত্যকাৰ আলগাপুৰ সমষ্টিৰ ইউডিএফৰ পলাতক বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে এগৰাকী মহিলাই হাইলাকান্দিৰ আবৰ্ত ভৱনত ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে৷ হাইলাকান্দিৰ মহিলাগৰাকীয়ে নিজ স্বামীৰ সহায়ত বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰাত চাঞ্চল্যৰ সৃষ্টি হয়৷ 

এটি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মহিলাগৰাকীয়ে দিয়া এটি সাক্ষাৎকাৰত মহিলাগৰাকীয়ে নিজ স্বামীৰ সহায় তেওঁক ধৰ্ষণ কৰা বুলি কয়৷ ন্যায় নাপালে আত্মহত্যা কৰাৰো ভাবুকি প্ৰদান কৰিছিল। আনহাতে, ৫ লাখ টকা দি বিধায়কগৰাকীয়ে গোচৰ উঠাই লোৱাৰ বাবে হেঁচা দিয়া বুলি কয় মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰে। 

আনহাতে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে এই ঘটনাৰ সম্পূৰ্ণ মিছা বুলি দাবী কৰি ভাৰতীয় ন্যায় ব্যৱস্থাত সম্পূৰ্ণ বিশ্বাস থকা বুলি কয়৷ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলিও কয় বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে৷ 

আনহাতে শনিবাৰে সন্ধিয়া মহিলগৰাকীৰ স্বামীক গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷  মহিলাগৰাকীৰ স্বামী শ্বাহিদ আহমেদ লস্কৰে মুম্বাইলৈ যোৱাৰ বাবে বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ মহিলাৰ স্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে পলায়ন কৰে বুলি জানিব পৰা যায়। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত আছে যদিও মহিলাৰ স্বামীক গ্ৰেপ্তাৰৰ পিছতে নিৰুদ্দেশ হয়।