খেৰণিঃ পশ্চিম কাৰ্বি আংলং জিলাৰ পৰিষদীয় হামৰেন সমষ্টিত বলিছে নিৰ্বাচনৰ গৰম বতাহ৷ হামৰেন চহৰ সমিতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব শীঘ্ৰে৷ যাৰ বাবে এতিয়া নিৰ্বাচনৰ গৰম বতাহ বলিছে সমষ্টিটোত৷ পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে বিপুল ভোটক জয়ী হৈ পৰিষদ গঠন কৰে যদিও ৰাইজৰ ক্ষোভ ক্ৰমান্বয়ে বৃদ্ধি হোৱাত সাধৰণ চহৰ সমিতিৰ নিৰ্বাচনতো বিজেপিয়ে ইথনৰ পিছত সিখন সভা অনুষ্ঠিত কৰি প্ৰচাৰ চলাব লগা হৈছে৷ শংকিত বিজেপি দলে হামৰেন চহৰত অনুষ্ঠিত কৰে এখন সভা। 

হামৰেনৰ ১-৩ নম্বৰ ৱাৰ্ডত আয়োজন কৰা সভাত পৰিষদীয় ৮নং হামৰেণ সমষ্টিৰ সদস্য মংগলছিং তিমুং, হামৰেণ সমষ্টিৰ গাঁও উন্নয়ণ সমিতিৰ অধ্যক্ষ বিৰেন তিছ, পৰিষদীয় প্ৰাক্তন কাৰ্যবাহী সদস্যা কাবন ইংতিপি, বিজেপি নেতা আৰচং ৰংহাং, বীৰেন তিচ্ছ', পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ কাৰ্যালয় সম্পাদক হাৰমন বে', পিটৰ তিমুং সহ বিজেপি নেতা-কৰ্মী উপস্থিত থাকে। 

দুই শতাধিক লোক উপস্থিত থকা সভাত ভাষণ প্ৰদান কৰি মংগলছিং তিমুঙে কয় যে বিজেপি হৈছে দেশৰ শক্তিশালী ৰাজনৈতিক দল। গতিকে এই শক্তিক অটুত ৰাখি আমি দল আৰু চৰকাৰে মিলিজুলি সবকা সাথ চবকা বিকাশেৰে পাহাৰীয়া জিলাখনত সর্বাংগীন উন্নয়ন সাধন কৰিব লাগিব বুলি কয় তিমুঙে। হামৰেন চহৰ সমিতিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে বিজেপিয়ে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।

চহৰ সমিতিৰ নিৰ্বাচনক লক্ষ্য কৰি তিমুঙে সভাত উল্লেখ কৰে যে হামৰেন সমষ্টিত বিজেপিৰ জয় নিশ্চিত। ৰাইজৰ ত্যাগ-কষ্ট আৰু সহায়-সহযোগীতাত তেওঁ সমষ্টিটোত তিনিবাৰকৈ জয় হবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰে। গতিকে সাধাৰণ চহৰ সমিতিৰ নিৰ্বাচন এটাত ৰাইজে নিঃসন্দেহে বিজেপিক জয়ী কৰাই আনিব পাৰিব বুলি কৈ যি নিৰ্বাচনেই অনুষ্ঠিত নকৰক কিয় হামৰেনত বিজেপিৰ জয় একেবাৰে ১০০ শতাংশ নিশ্চিত বুলি কয়৷ কাৰ্বি আংলঙত বিজেপিৰ বাহিৰে দ্বিতীয় আৰু কোনো নাই বুলিও প্ৰকাশ কৰে তিমুঙে।