
কোকৰাঝাৰঃ বিটিচিৰ ভূমি নীতি আৰু সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা প্ৰত্যাহাৰ কৰাৰ কেন্দ্ৰ কৰি বিটিএডিত অগ্নিগৰ্ভা পৰিস্থিতি সৃষ্টি হোৱাৰ দিশে আগবঢ়াৰ সময়তে বুধবাৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ত সদৌ অসম নেপালী সাহিত্য সভা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ গোৰ্খা সন্মিলনী আৰু বিটিচি গোৰ্খা ছাত্ৰ সন্থাৰ সৈতে এক বৈঠকত অনুষ্ঠিত কৰে বিটিচি সচিবালয়ত৷ বৈঠকত কেবিনেট পৰিষদৰ সভাত লোৱা খছৰা প্ৰস্তাৱ ভুল আছিল বুলি মন্তব্য প্ৰকাশ কৰে হাগ্ৰামাই।
মানুহ মাত্ৰই ভুল হয় আৰু সেয়া সকলোৱে বিবেচনা কৰিব বুলি আশা প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে বিটিচি কেবিনেট কাউন্সিলে লোৱা খছৰা ইতিমধ্যেই সংশোধন কৰা হ’ল বুলি ঘোষণা কৰিছে। বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত সদৌ অসম নেপালী সাহিত্য সভা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ গোৰ্খা সন্মিলনী আৰু বিটিচি গোৰ্খা ছাত্ৰ সন্থাৰ সৈতে অনুষ্ঠিত হোৱা সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মন্তব্যৰে যোৱা ১২ জানুৱাৰীত বিটিচি কাউন্সিল সভাই গ্ৰহণ কৰা সিদ্ধান্ত যোৱা ২৬ ফেব্ৰুৱাৰীতে সংশোধন কৰা হল আৰু আগন্তক কেবিনেট বৈঠকত সেয়া পুণৰ পৰ্যালোচনা কৰা হ’ব বুলি মন্তব্য আগবঢ়ায়।
তদুপৰি সাংবাদিকৰ আগত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ভাৰতীয় সংবিধান মতেই তথা আছাম লেণ্ড এণ্ড ৰেগুলেচন এক্ট ১৮৮৬ৰ দশম অধ্যায় অনুসৰিয়ে ভূমিৰ অধিকাৰ লাভ কৰিব আৰু সেয়া বিটিচিয়ে কেবিনেট বৈঠক অনুষ্ঠিত কৰি তথা বিটিচি বিধান পৰিষদত আিনত পৰিণত কৰিব কাহানিও নোৱাৰে বুলি স্পষ্ট মন্তব্য প্ৰকাশেৰে সেয়া একমাত্ৰ সংসদত সংবিধান সংশোধন কৰিহে কৰিব পাৰে বুলি মত প্ৰকাশ কৰে।
তদুপৰি কোচ ৰাজবংশী, নাথ-যোগী, নেপালী, চাওতাল, অনুসূচীত জাতি আদিৰ সংৰক্ষিত মৰ্যদা নিয়মানুসৰেই বাহাল থাকিব বুলি মন্তব্য প্ৰকাশ কৰিছে হাগ্ৰামা মহিলাৰীয়ে৷ ইপিনে বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি প্ৰেম তামাঙে জাতি, মাটি, ভেটিক লৈ ৰাজনীতিকৰণ নকৰিবলৈ সকীয়নি প্ৰদান কৰি তেওঁলোকৰ ৰাজনীতি সফল নহল বুলি তীৰ্যক মন্তব্য প্ৰকাশ কৰিছে।
বিটিচিয়ে কৰা কৰ্ম ভুল বুলি স্বীকাৰ কৰাত আৰু সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা অটুট থাকিব বুলি হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰাত সন্তোষ প্ৰকাশ কৰি প্ৰেম তামাঙে জাতি-মাটি-ভেটিক লৈ ৰাজনীতি নচলিব বুলি স্পষ্ট কৰি দিয়ে। সমস্যাৰ সমাধান আলোচনাৰ মাজেৰেহে সমাধান হয় আৰু সেয়েহে বিটিচি প্ৰশাসনে আহ্বান কৰা সভাত অংশগ্ৰহণ কৰি সংঘাতৰ সলনি আলোচনাৰ মাধ্যমত সমস্যা সমাধানৰ প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি সদৰি কৰিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি প্ৰেম তামাঙে।
আনহাতে সদৌ গোৰ্খা সন্মিলনীৰ সাধাৰণ সম্পাদক লক্ষ্মী চেৰাইয়ে বিটিচিয়ে এনেধৰণৰ ভুল কৰিয়ে থাকে আৰু প্ৰতিশ্ৰুতি দিয়ে যদিও সেয়া পালন নকৰে বুলি অভিযোগেৰে এইবাৰ তীক্ষ্ণ নজৰ ৰখা হ’ব বুলি সদৰি কৰিছে। বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত বিটিচিৰ মুখ্য সচিব বীৰেন চন্দ্ৰ ফুকনৰ উপস্থিতিত আয়োজিত বৈঠকত বিপিএফৰ বিধায়ক চন্দন ব্ৰহ্ম, বিপিএফ নেতা প্ৰবীণ বড়ো, বিটিচিৰ প্ৰাক্তন মনোনিত সদস্য মাধব কাৰ্কী, এচিএচ বিষয়া শুভলক্ষ্মী ডেকা, বিটিচি ক্ষেত্ৰীয় গোৰ্খা সন্মিলনীৰ সভাপতি দামোদৰ দাহাল, সম্পাদক বিকাশ চেত্ৰী প্ৰমুখ্যে উপৰিও সংগঠন সমূহৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে।