newsnextone.com | কোকৰাঝাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নাগৰিকত্ব বিধেয়কক লৈ এতিয়াই মন্তব্য কৰাৰ সময় হোৱা নাই বুলি মত প্ৰকাশ কৰে। 

উল্লেখ্য যে, যি সময়ত মিত্ৰজোঁটত থাকিও অগপ দলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ লৈ দলৰ স্থিতি স্পষ্ট কৰিছে তেনে সময়তে কিন্তু মিত্ৰজোঁটৰ আন এক দল বিপিএফে কোনোধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে। 

বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আন দল সংগঠনে মাত মাতি আহিছে যদিও বিপিএফ দলে সময়তহে নিজ মন্তব্য প্ৰকাশ কৰিব বুলি মত প্ৰকাশ কৰিছে। 

কোকৰাঝাৰস্থিত বড়োলেণ্ড অতিথিশালাত সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰ এম চিৰ শপত গ্ৰহণ অনুষ্ঠানত হাগ্ৰামা মহিলাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি উক্ত মন্তব্য প্ৰকাশ কৰি ধৰ্মীয় সংখ্যালঘু পৰিষদে বিটিচিৰ শান্তি উন্নয়ন একতা আৰু ভাতৃত্ববোধ গঢ়াত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে বুলি কয়৷ 

গুলঝাৰ হুছেইন মোল্লাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰএমচিৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ সভাপতি আফজাল হক সৰকাৰ, কাৰ্যকৰী সভাপতি চমসেৰ আলি, সাধাৰন সম্পাদক আয়নাল হক আৰু ৰেজাউল হক সৰকাৰকে ধৰি মুঠ ৭১ জনীয়া সমিতিখনক বৃহস্পতিবাৰে শপতবাক্য পাঠ কৰোৱায় আৰ এম চিৰ প্ৰতিষ্ঠাপক সভাপতি বক্তাৰ আলি আহমেদে৷