17
Nov
2018

হৰিশিঙাঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত জনোৱা জোঁৰ সমদলত হৰিশিঙাটো ৰূপায়ন কৰা হয়৷
হৰিশিঙাত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আমাৰ দাবী মানিবই লাগিব ৰাজ্য চৰকাৰ হুচিয়াৰ, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, ইত্যাদি শ্ল’গানাৰে হৰিশিঙাৰ ৰাজপথ উত্তাল কৰি তোলে৷ হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাই শ্বহীদ ভৱনৰ পৰা উলিওৱা জোৰ সমদলত ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি, ওদালগুৰি জিলা অসম জাতীয়তাবাদী যুব-ছাত্ৰ পৰিষদৰ সভাপতি, অসম সাহিত্য সভা হৰিশিঙা শাখা, হিৰশিঙা দোকানী সন্থা আদিৰ বিষয়ববীয়া উপস্থিত থাকে৷