হাওৰাঘাটঃ সমগ্র ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত বিশ্ব বিশ্ৰুত গণশিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ অন্যতম সামাজিক অনুষ্ঠান যমুনা গ্ৰুপৰ উদ্যোগত হাওৰাঘাট বজাৰৰ মাজমজিয়াত থকা পুলিচ পইন্টত অনুষ্ঠিত কৰা হয় এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। 

সাম্প্ৰতিক অগ্নিগৰ্ভা অসমত সুধাকণ্ঠৰ অমৰ সৃষ্টি 'মানুহে মানুহৰ বাবে’ এই কালজয়ী গীতটিক মুখ্য থীম হিচাপে লৈ অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট চিন্তাবিদ তিলকান্ত ফুকনে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সাম্প্ৰতিক পৰিস্থিতিত সুধাকণ্ঠৰ দৰ্শন আৰু গীতসমূহৰ সন্দৰ্ভত আলোকপাত কৰে ক্ৰমে ভবেশ ৰাজবংশী আৰু তৰুণ চন্দ্ৰ সন্দিকৈয়ে। প্ৰবীন শিল্পী মানিক বৰা, প্ৰবীন গোস্বামী, জগন্নাথ গগৈ, উত্তম মালাকাৰৰ লগতে স্নেহা সাহা আৰু সমীৰণ শইকীয়াই গীত পৰিৱেশন কৰাৰ লগতে উদীয়মান শিল্পী দেৱজিত বৰাৰ বাঁহীৰ সুৰ আৰু ৰূপক দাসৰ কণ্ঠত ড০ মামণি ৰয়ছম গোস্বামীৰ কবিতাই অনুষ্ঠানটিক জীপাল কৰি তোলে। 
অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যতীন চন্দ্ৰ দাস, নগৰ সমিতিৰ প্ৰাক্তন উপাধ্যক্ষ অশোক হাচনু, জ্যেষ্ঠ নাগৰিক বেনু ভূষণ চন্দ, শিক্ষক কৃষ্ণ সাহা প্ৰমূখ্যে বহু গণ্যমান্য ব্যক্তি।