20
Jan
2018

ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ লাহোৱালৰ সমাজসেৱক, প্ৰয়াত যোগানন্দ গগৈৰ সহধৰ্মিনী তথা বিশিষ্ট সমাজসেৱী ধৰ্মপ্ৰাণ মহিলা হেমলতা গগৈয়ে শনিবাৰে পুৱা ৮-৩০ বজাত বাৰ্ধক্যজনিত কাৰণত চিৰিংচাপৰিৰ নিজ বাসগৃহত মৃত্যুক আকোৱালি লয়৷
ৰোগত আক্ৰান্ত হৈ থকা হেমলতা গগৈৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮০ বছৰ। লাহোৱালৰ পিৰাফলা আৰু পাত্ৰগাঁৱৰ লগতে চিৰিংচাপৰিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জৰিত হৈ আছিল হেমলতা গগৈয়ে৷
লাহোৱাল উচ্চ ইংৰাজী বিদ্যালয়কে ধৰি বহুকেইখন শিক্ষানুষ্ঠান, নামঘৰৰ সৈতে জড়িত হোৱাৰ লগতে অনুষ্ঠান সমূহৰ উন্নয়ন সাধনৰ ক্ষেত্ৰত বিশেষ সহযোগিতা আগবঢ়াইছিল। এইগৰাকী ধৰ্মপ্ৰাণ মহিলাই মৃত্যুৰ সময়ত গড়কাপ্তানি বিভাগৰ জ্যেষ্ঠ বিষয়া ভূপেন(ভকতি)গগৈ, কবি, সাহিত্যিক সুৰাজিতা সন্দিকৈ গগৈ (বোৱাৰী), দুই নাতি-নাতিনী, দুই জী-জোঁৱাই, ধৰি বহু সংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।