• মৰিগাঁৱত অনুষ্ঠিত হব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ বুজ লবলৈ আহি মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য -টিভিয়ে মোক ফুটবলৰ দৰে খেলি পাগল কৰি তুলিছে
  • অহা ৩০ জানুৱাৰীৰ ভিতৰত সকলো বিভাগকে নিজ নিজ দায়িত্ব সঠিক ভাৱে সম্পাদন কৰি অধিৱেশন খনি সাফল্য মণ্ডিত কৰাত সহযোগীতা আগবঢ়াবলৈ আহ্বান

মৰিগাঁওঃ ‘মোক ফুটবলৰ দৰে খেলি টিভিয়ে পাগল কৰি তুলিছে’-এই মন্তব্য অসম চৰকাৰৰ স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মৰিগাঁৱত অনুষ্ঠিত হব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ বুজ লবলৈ আহি সোমবাৰে মৰিগাঁৱত উপস্থিত হোৱা মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ এইদৰে কয় । 

আগন্তক লোকসভা আৰু ৰাজ্যসভা নিৰ্বাচনৰ সন্দৰ্ভত সংবাদমাধ্যমত প্ৰচাৰিত বাতৰি সন্দৰ্ভত মৰিগাঁও সংবাদমাধ্যমৰ লোক সকলে জানিব বিচৰাত তেওঁ কয় একাংশ টিভি চেনেলে অপপ্ৰচাৰ কৰি মোক ফুটবলৰ দৰে খেলি আছে বুলি সংবাদমাধ্যমক দোষাৰোপ কৰি বিষয়টোৰ পৰা অতি কৌশলৰে আতৰি যায়। আনহাতে বগীবিল দলং নিৰ্মাণ বিজেপিৰ কৃতিত্ব বুলি দাবী কৰা মন্ত্রী শৰ্মাই মধুপুৰ সত্ৰ সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকি এই একো নাজানো বুলি জনায়। 

উল্লেখযোগ্য যে অহা ৬ ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ বুজ লবলৈ অহা মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্তৰ সভাকক্ষত জিলা প্ৰশাসন,সকলো বিভাগৰ মূৰৰ্বী বিষয়া আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰণি সমিতিৰ সৈতে এখন পৰ্যালোচনা সভাতো মিলিত হয়। মন্ত্রী পীয়ুষ হাজৰিকা,বিধায়ক ৰমাকান্ত দেউৰী, জিলা উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, সকলো বিভাগৰ মূৰব্বী বিষয়াকে আদি কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰণি সমিতিৰ সদস্য সকলে অংশ গ্ৰহণ কৰা সভাখনত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো বিভাগকে অহা ৩০ জানুৱাৰীৰ পূৰ্বে নিজ নিজ দায়িত্ব সঠিক ভাৱে সম্পাদন কৰি তুলিবলৈ নিৰ্দেশনা জাৰি কৰাৰ লগতে মূৰৰ্বী বিষয়া সকলক নিজৰ দায়িত্ব প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। তদুপৰি অধিৱেশন খনি সাফল্য মণ্ডিত কৰি তোলাত চৰকাৰে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াই যাব বুলিও মন্ত্রী শৰ্মাই মন্তব্য কৰে৷