
গুৱাহাটীঃ ৰাজ্যৰ আগশাৰীৰ নিউজ চেনেল ডি ৱাই-৩৬৫ৰ জ্যেষ্ঠ সাংবাদিক প্ৰাণজিৎ শইকীয়াৰ সৈতে মঙলবাৰে প্ৰায় দুঘন্টা সময় মুখামুখি হৈ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷
উল্লেখ্য যে, বিৰোধী কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ পত্নীৰ চেনেলৰ বাহিৰে আন নিউজ চেনেলত আহি মুখামুখি হ'বলৈ প্ৰত্যাহ্বান জনাইছিল মন্ত্ৰীগৰাকীক৷
কেৱল প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়েই নহয়, ৰাজ্যৰ শ শ ফেচবুক ব্যৱহাৰকাৰীয়ে কেৱল পত্নীৰ মালিকানাধীন নিউজ চেনেলতহে কথা কোৱা বুলি প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি আহিছে৷ তাৰ পিছতে মঙলবাৰে ডি ৱাই-৩৬৫ৰ ষ্টুডিঅ’ত এঘন্টা সময় বিশেষ অনুষ্ঠানত অংশ লৈ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে৷
বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীত্বৰ খবৰ ওলোৱা প্ৰচাৰ সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দি দৰা নহ'লে কইনাই কাপোৰ পিন্ধিলে নহ’ব, দৰা থাকিব লাগিব বুলি কয়৷ দেশত এতিয়া কোনো লোকসভা নতুবা ৰাজ্যসভাৰ আসন খালী নাই বুলি কৈ ৰাষ্ট্ৰীয় ৰাজনীতিত যোৱাৰ ইচ্ছা আছে বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।
লোকসভা নতুবা ৰাজ্যসভাৰ ৰাজনীতি ওচৰৰ পৰা চাবলৈ ইচ্ছা আছে বুলিও কয় হিমন্তই৷ তৰুণ গগৈক মুখ্যমন্ত্ৰী ভাঙিলে প্ৰণৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ ছোনীয়া গান্ধীক অনুৰোধ জনোৱা বুলিও কয়৷
আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আক্ৰমণ কৰি মই সন্তানৰ দৰে যদিও ৰিটায়াৰ্ড হোৱা মানুহগৰাকীয়ে তেওঁক সদায় জেললৈ পঠিয়াবলৈ চিন্তা কৰি থাকে বুলি কয় হিমন্তই৷